independenceday-2016

Press Information Bureau

Government of India

Prime Minister's Office

৭১তম স্বতন্ত্ৰতা দিৱস উপলক্ষে লালকিল্লাৰ আবেষ্টনীৰ পৰা দেশৰ জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ সম্বোধন

Posted On :15, August 2017 10:37 IST

৭১তম স্বতন্ত্ৰতা দিৱস উপলক্ষে লালকিল্লাৰ আবেষ্টনীৰ পৰা আজি প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাক উদ্দেশ্যি সম্বোধন কৰে। ভাৰতৰ স্বতন্ত্ৰতা আন্দোলনত আগবঢ়োৱা পুৰুষ আৰু মহিলাৰ অৱদানক প্ৰধানমন্ত্ৰীয়ে সোঁৱৰণ কৰে। তেওঁ কয় যে ভাৰতৰ জনসাধাৰণে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তথা গোৰখপুৰৰ কাণ্ডত সমভাগী হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষটো অত্যন্ত বিশেষ বৰ্ষ, কাৰণ এই বৰ্ষতে ভাৰত ত্যাগ আন্দোলনৰ ৭৫তম বৰ্ষ সম্পূৰ্ণ হৈছে; চম্পাৰণ সত্যাগ্ৰহৰ ১০০তম শতবাৰ্ষিকী উদযাপন হৈছে; বাল গংগাধৰ তিলকৰ দ্বাৰা অনুপ্ৰাণিত হোৱা ‘সাৰ্বজনিক গণেশ উত্সৱ’ৰ ১২৫তম বৰ্ষ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৪২ চনৰ পৰা ১৯৪৭ চনলৈ ভাৰতৰ স্বাধীনতা সংবদ্ধ কৰাত ৰাষ্ট্ৰই ইয়াত সংহত ৰূপ প্ৰদৰ্শন কৰিছিল। ২০২২ চনৰ নতুন ভাৰতৰ বাবে সেই একেইটাই সংবদ্ধ ৰূপ তথা সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগিব বুলি তেওঁ কয়। আমাৰ ৰাষ্ট্ৰত সকলোৱেই সমান, আৰু আমি প্ৰত্যেকেই এক নৱজাগৰণ আনিব পাৰোঁ বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ‘চলতা হেই’ অপ-সংস্কৃতিৰ অৱসান ঘটাই ইয়াৰ পৰিৱৰ্তে ‘বদল চকতা হেই’ প্ৰচলন কৰি ধনাত্মক পৰিৱৰ্তনৰ সাপক্ষে বক্তব্য প্ৰদান কৰে।

শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ বুলি মন্তব্য প্ৰদান কৰি ছাৰ্জিকেল ষ্ট্ৰাইকে ইয়াৰ আৰম্ভণি কৰা বুলি জনায়। বিশ্বত ভাৰতৰ স্থিতি উন্নত হৈছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন দেশে ভাৰতৰ সৈতে সংবদ্ধ হৈছে বুলিও তেওঁ জনায়। বিমূদ্ৰাকৰণ সন্দৰ্ভত তেওঁ কয় যে, যি সকলে দেশ আৰু দাৰিদ্ৰক শোষণ কৰিছে তেওঁলোকে কেতিয়াও শান্তিৰে শুব নোৱাৰে আৰু আজিৰ দিনটো সাধুতাৰে পালন কৰিব নোৱাৰে। ক’লা ধনৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব আৰু প্ৰযুক্তি এই স্বচ্ছতা অনাত সহায় কৰিব। তেওঁ জনসাধাৰণক ডিজিটেল লেনদেন অব্যাহত ৰাখিবলৈ উত্সাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জিএছটিৰ প্ৰণয়ন পাৰস্পৰিক সহযোগিতাৰ এক প্ৰধান দৃষ্টান্ত। তেওঁ কয় যে বিত্তীয় সমাপনৰ জৰিয়তে দাৰিদ্ৰসকল মূলসুঁতিৰ সৈতে সংঘৱদ্ধ হ’ব পাৰিছে। তেওঁ ভাল শাসন আৰু প্ৰক্ৰিয়াৰ সৰলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু আৰু কাশ্মীৰত হিংসা, গুলীৰ পৰিৱৰ্তে মৰমৰ আলিংগনৰেহে সমস্যাৰ সমাধান কৰিব পৰা যাব।(না গালি ছে, না গোলি ছে, পৰিৱৰ্তন হোগা গলে লগানে ছে)।

নতুন ভাৰতৰ দৰ্শনৰ প্ৰতি তেওঁ নিজৰ বক্তব্য প্ৰদান কৰি কয় যে ব্যৱস্থাৰ দ্বাৰা জনসাধাৰণ নহয়, জনসাধাৰণৰ দ্বাৰাহে ব্যৱ্স্তা চলিব- তন্ত্ৰ ছে লোক নেহি, লোক ছে তন্ত্ৰ চলেগা।

চলিত বৰ্ষত অভিলেখসংখ্যক শস্য উত্পাদন আৰু কৃষি বিজ্ঞানীসকলে দেখুওৱা সফলতাৰ প্ৰদৰ্শনত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় এই বছৰ চৰকাৰে ১৬ লাখ টন মটৰ উত্পাদন কৰিছে যি পূৰ্বৰ বৰ্ষতকৈ যথেষ্ট বেছি।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ পৰিৱৰ্তনে বিভিন্ন ক্ষেত্ৰত নিয়োজনৰ সৃষ্টি কৰিছে। তাৰোপৰি যুৱ প্ৰজন্ম বৰ্তমানে নিয়োজন বিচাৰি ফুৰাৰ পৰিৱৰ্তে নিয়োজন সৃষ্টিৰ প্ৰতি আগ্ৰহী হৈছে বুলিও তেওঁ কয়।

যিসকল মহিলাই তিনি তালাকৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে, আৰু যিসকল মহিলাই ইয়াৰ বিৰুদ্ধে থিয় দিয়ে তেওঁলোকৰ সাহসৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শলাগ লয় আৰু তেওঁলোকৰ এই যুদ্ধত সমগ্ৰ দেশ সহভাগী হোৱাৰ আশ্বাসো প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এখন শান্তিকামী, ঐক্যৱদ্ধ তথা সম্প্ৰীতিৰ দেশ। জাতিগত বিভেদ আৰু সম্প্ৰদায়মূলক সমস্যাই আমাক সহায় নকৰে বুলি তেওঁ কয়। বিশ্বাসৰ নামত হোৱা হিংসাক ঘোৰ নিন্দা কৰি এইসমূহ ভাৰতত গ্ৰহণযোগ্য নহ’ব বুলি তেওঁ সকীয়াই দিয়ে। ভাৰত ত্যাগ আন্দোলনত জনসাধাৰণে ব্যৱহাৰ কৰিছিল ‘ভাৰত চোড়ো’ কিন্তু এতিয়া প্ৰয়োজন হৈছে ‘ভাৰত জোড়ো’।

উত্তৰ আৰু উত্তৰ পূব ভাৰতৰ উন্নয়নৰ প্ৰতি বিশেষ ধ্যান দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। গতি ব্যাহত নোহোৱাকৈ চৰকাৰে ভাৰতন উন্নয়নৰ নতুন পথত লৈ গৈছে বুলি তেওঁ মন্তব্য কৰে।

শাস্ত্ৰৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে যদি আমি উপযুক্ত সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰোঁ তেনেহ’লে আমি কেতিয়াও ঈপ্সিত ফলাফল প্ৰাপ্ত কৰিব নোৱাৰোঁ। তেওঁ কয় যে এয়াই ‘টীম ইণ্ডিয়া’ৰ বাবে ‘নিউ ইণ্ডিয়া’ গঢ়াৰ উপযুক্ত সময়। তেওঁ এনে এক নতুন ভাৰত গঢ়াৰ বাবে আহ্বান কৰে য’ত দাৰিদ্ৰৰ নিজা বাসগৃহ থাকিব, পানী আৰু বিদ্যুতৰ সুবিধা থাকিব; কৃষকসকল উদ্বেগমুক্ত হ’ব পাৰি, আৰু আজিৰ উপাৰ্জনতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব; নৱ প্ৰজন্ম আৰু মহিলাই তেওঁলোকৰ সপোন পূৰণ কৰাৰ সুযোগ পাব; ভাৰত সন্ত্ৰাসবাদ, জাতিগত বিভেদ, সাম্প্ৰদায়িক বিভেদ, দুৰ্নীতি, স্বজন-তোষণপ্ৰীতি আদিৰ পৰা মুক্ত হ’ব পাৰিব; তথা স্বচ্ছতা আৰু স্বাস্থ্যৱান হ’ব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ বীৰ পুৰস্কাৰ প্ৰাপ্তসকলৰ এক ৱেবছাইট মুকলি কৰাৰ কথা ঘোষণা কৰে।

***


AKT/HS/MANN