independenceday-2016

Press Information Bureau

Government of India

Prime Minister's Office

৭১তম স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দেশবাসীলৈ দিয়া ভাষণৰ লিখিত ৰূপ

Posted On :15, August 2017 11:37 IST

মোৰ আদৰৰ দেশবাসী, স্বাধীনতাৰ এই শুভক্ষণত সমগ্ৰ দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনাইছোঁ৷

আজি সমগ্ৰ দেশে স্বাধীনতা দিৱসৰ সমান্তৰালকৈ জন্মাষ্টমীও উদযাপন কৰি আছে৷ মই মোৰ সমূখত দেখিবলৈ পাইছো যে ইয়াত বহু কণ কণ ল’ৰা-ছোৱালী আহি উপস্থিত হৈছে৷ সুদৰ্শন চক্ৰধাৰী কৃষ্ণৰ পৰা আৰম্ভ কৰি হাতত মাখনৰ কলহ লৈ থকা কৃষ্ণলৈ বহু ৰং বিৰঙেৰে ভৰি পৰিছে, ইয়াতেই প্ৰতিফলিত হয় আমাৰ সমৃদ্ধিশালী ঐতিহ্য, আমাৰ সাংস্কৃতিক প্ৰাচুৰ্য্য৷ দেশৰ স্বাধীনতাৰ বাবে, দেশৰ সন্মানৰ বাবে, দেশৰ গৌৰৱৰ বাবে যিসকল লোকে নিজৰ অৱদান আগবঢ়াই গৈছে, যিসকলে যাতনা ভূগিবলগীয়া হৈছে, যিসকলে আত্মবলিদান দিছে, ত্যাগ কৰিছে, তপস্যা কৰিছে, সেই সকলো মহানুভৱলৈ, মা-ভগ্নীলৈ মই এই লালকিল্লাৰ পৰা দেশৰ এখ পছিশ কোটি জনতাৰ তৰফৰ পৰা শতকোটি প্ৰণাম জনাইছো, তেওঁলোকলৈ মোৰ আন্তৰিক মৰম যাঁচিছো৷

কেতিয়াবা কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগে আমাৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে৷ সুন্দৰভাৱে অহা বাৰিষাই, বৰষুণে দেশক ফলে ফুলে জাতিস্কাৰ কৰি তোলাত সহায় যিদৰে কৰে, ঠিক তাৰ বিপৰীতে জলবায়ু পৰিৱৰ্তনৰ কুফলৰ বাবে কেতিয়াবা ই ভয়ানক ৰূপো ধাৰণ কৰি ব্যাপক দুৰ্যোগ নমাই আনে৷ বিগত ভালেমান দিনধৰি দেশৰ বিভিন্ন স্থানত প্ৰাকৃতিক দুৰ্যোগে ব্যাপক ভাৱে ক্ষতিগ্ৰস্থ কৰি মানুহ তথা সম্পদৰ৷ কিছুদিন পূৰ্বে হস্পিতালত আমাৰ অবোধ শিশুৰ মৃত্যু হৈছে৷ এনে এক সংকটকালত, দুৰ্যোগৰ সময়ত দেশৰ এশ পছিশ কোটি জনতাৰ সহমৰ্মিতাই সকলোকে অনুপ্ৰাণিত কৰিছে৷ আৰু মই দেশবাসীক বিশ্বাস দিছো, কথা দিছো যে এনে সংকটপূৰ্ণ সময়ত সম্পূৰ্ণ সংবেদশীলতাৰে সাধাৰণ জনতাৰ হিতাৰ্থে, সুৰক্ষাৰ্থে আমি কোনো দিশতেই ক্ৰুটি নকৰো৷
মোৰ আদৰৰ দেশবাসী, এই বছৰটো আমাৰ স্বাধীন ভাৰতৰ বাবে এক বিশেষ বৰ্ষ হিচাপে চিহ্নিত হৈছে৷ বিগত সপ্তাহটোতেই আমি Quit India Movement ৰ 75 বৰ্ষপূৰ্ণ স্মৰণ কৰিছিলো৷ এইটো বছৰতেই আমি চম্পাৰণ সত্যাগ্ৰহৰো শতাব্দী পালন কৰিম৷ সবৰমতী আশ্ৰমৰো শতাব্দী আমি এইটো বছৰতেই পালন কৰিম৷ এইটো বছৰতেই লোকমান্য বাল গংগাধৰ তিলকজীয়ে কৈছিল, স্বৰাজ মোৰ জন্মস্বত্ত্ব অধিকাৰ৷

তেওঁ গণচেতনা জাগ্ৰত কৰিবৰ বাবে গণেশ উৎসৱৰ পৰম্পৰা আৰম্ভ কৰিছিল, সেই পৰম্পৰাৰো ১২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পথ, দৰাচলতে এয়াও এক ইতিহাসৰ এনে এক তাৰিখ, যাৰ বোধ-পাঠে আমাক দেশৰ বাবে কিবা নহয় কিবা এটা কৰাৰ বাবে অনুপ্ৰেৰণা যোগায়৷ আমি আজি স্বাধীনতাৰ ৭০ তম বৰ্ষপূৰ্তি পালন কৰিম আৰু ২০২২ চনত ৭৫ তম বৰ্ষপূৰ্তি পালন কৰিম, এয়া এনে এক অধ্যায় যিটো অধ্যায় ১৯৪২ ৰ পৰা ১৯৪৭ চনলৈ সমগ্ৰ দেশবাসীয়ে সামূহিক শক্তি প্ৰদৰ্শন কৰিছিল৷ ইংৰাজক এই সময়ছোৱাত সাংঘাতিক নগুৰ নাগতি কৰিছিল৷ আৰু পাচবছৰৰ এই সময়ছোৱাৰ ভিতৰতেই ইংৰাজে ভাৰত এৰি যাবলৈ বাধ্য হৈ পৰিছিল৷ আমাৰ হাতত স্বাধীনতাৰ সেই ৭৫ তম বৰ্ষপূৰ্তি ধূমধামেৰে আয়োজন কৰাৰ বাবে এতিয়াও হাতত ৫ বছৰ সময় আছে৷ আমাৰ সামূহিক সংকল্প শক্তি, আমাৰ সামূহিক আহোপুৰুষাৰ্থ, আমাৰ সামগ্ৰিক সামূহিক দায়বদ্ধতাই সেই মহান দেশভক্তসকলক স্মৰণ কৰি পৰিশ্ৰমৰ পৰিকাঠামোৰে ২০২২ চনত স্বাধীনতাৰ সপোন দেখা সেই স্বপ্নদ্ৰষ্টাসকলৰ সপোনৰ দৰে এখন ভাৰত নিৰ্মাণ কৰিব পাৰো নিশ্চয়, আৰু এইবাবেই নতুন ভাৰতৰ এক সংকল্প লৈ আমি দেশখনক আগুৱাই লৈ যাব লাগিব৷


১২৫ কোটি দেশবাসীৰ সংকল্পৰে, ১২৫ কোটি দেশবাসীৰ আহোপুৰুষাৰ্থৰে, ১২৫ কোটি দেশবাসীৰ ত্যাগেৰে – তপস্যাৰে আমি বুজি উঠিছো সামূহিক শক্তিৰ গুৰুত্ব৷ ভগৱান শ্ৰীকৃষ্ণ যিমানেই সমৰ্থৱান নাথাকক কিয়, যেতিয়া সমগ্ৰ গোৱালে খৰি লৈ থিয় হৈছিল, সেই সামূহিক শক্তিৰেই গোৱৰ্ধন পৰ্বত দাঙি ধৰিব পাৰিছিল৷ প্ৰভূ ৰামচন্দ্ৰই যেতিয়া লংকালৈ যাবলৈ বিচাৰিছিল তেতিয়াও সৰু সৰু বান্দৰ সেনাই লগলাগিয়েই সৃষ্টি কৰিছিল ৰাম সেতু, আৰু তাৰ জৰিয়তেই ৰাম লংকাত উপস্থিত হ’বলৈ সক্ষম হৈছিল৷ এগৰাকী আচিল মোহন দাস কৰমচাঁদ গান্ধী, তেওঁৱো দেশৰ কোটি কোটি জনতাৰ ওপৰত ভৰষা কৰিয়েই এডাল সূতাৰে দেশলৈ স্বাধীনতা লৈ অহাৰ সপোন ৰচিছিল৷ এক সামূহিক শক্তি অবিহনে হয়তো আজিৰ এই স্বাধীনতাৰ সপোন অসাৰ হ’লহেতেন৷ এনেদৰেই আমাৰ দেশো স্বাধীন হৈছিল৷ কোনো সৰু নহয়, কোনো ডাঙৰ নহয়, এটা কেৰ্কেটুৱাৰ সৰু উদাহৰণ এটা আছে৷ এটা কেৰ্কেটুৱাও এক পৰিবৰ্তন প্ৰক্ৰিয়াৰ অংশ হ’ব পাৰে, সেই কথা আমি সকলোৱেই জানো, আৰু সেয়ে সদায়েই কওঁ যে ১২৫ কোটি ভাৰতীয়ৰ মাজত কোনো সৰু বৰ নাই, সকলো সমান৷ সকলোৱেই 2022 চনৰ স্বাধীনতা দিৱসৰ পিছত অনাগত 75 বছৰ এক নৱ সংকল্প, নতুন শক্তি, নতুন উৎসাহ, নতুন চেষ্টাৰ দ্বাৰা দেশলৈ পৰিৱৰ্তন লৈ অহাৰ সংকল্প গ্ৰহণ কৰিব পাৰে৷ ‘New India’ সুৰক্ষিত হওঁক, সমৃদ্ধিশালী হওঁক, ‘New India’ ত সক লোৱেই সমানেই সুযোগ লাভ কৰক, এই ‘New India’ এই আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিক্ষেত্ৰত সমগ্ৰ বিশ্বতে দপদপাওক৷

স্বাধীনতা সংগ্ৰাম আমাৰ মানসিক চিন্তাধাৰাৰে জড়িত হৈ আছে৷ আমি সকলোৱেই খুব ভালদৰেই জানো যে স্বাধীনতা সংগ্ৰাম চলি থকা সময়তো এগৰাকী শিক্ষকে পাঠদান কৰি আছিল, এগৰাকী কৃষকে খেতি কৰিছিল, এগৰাকী শ্ৰমিক কাম কৰিছিল, কিন্তু যিয়েই যি নকৰক কিয় সকলোৰে মন মন্দিৰত, মনোজগতত এটাই কথা আছি যে মই যি এই কাম কৰি আছো এয়া কৰিছো দেশৰ স্বাধীনতাৰ বাবে৷ এই ভাৱনাই অতি গুৰুত্বপূৰ্ণ শক্তি হিচাপে বিবেচিত হয়৷ পৰিয়ালতো দৈনিক খাদ্য প্ৰস্তুত কৰা হয়৷ বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়, কিন্তু যি ব্যঞ্জন ঈশ্বৰৰ নাম কৰি আগবঢ়োৱা হয় সেই ব্যঞ্জন প্ৰসাদলৈ ৰূপান্তৰ হয়৷ আমি পৰিশ্ৰম কৰো কিন্তু আমি যদি সেই পৰিস্ৰম ভাৰত মাৰ সম্ভ্ৰমৰ বাবে কৰো, দিব্যতাৰ বাবে কৰো, দেশবাসীক দৰিদ্ৰতাৰ পৰা মুক্তি দিবৰ বাবে কৰো, সামাজিক অসমতাক ঐক্যতাৰে বন্ধাৰ প্ৰয়াস কৰিবৰ বাবে কৰো, প্ৰতিটো কাম যদি ৰাষ্ট্ৰভাৱেৰে কৰো, ৰাষ্ট্ৰভক্তিৰে কৰো, দেশৰ প্ৰতি সমৰ্পন ভাৱেৰে কৰো তেন্তে তাৰ পৰিণাম অধিক শক্তিশালী হৈ পৰিব৷ আৰু সেইবাবেই আমি সকলোৱে এই কথাটোকে লৈ আগবাঢ়িবলৈ লৈছো৷

অহা বছৰ, অৰ্থাৎ 2018 চনৰ 1 জানুৱাৰী তাৰিখটো মই এক সাধাৰণ দিন হিচাপে গণ্য নকৰো৷ যিসকল লোকে 21 শতিকাত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এইটো হ’ব এক মহত্বপূৰ্ণ বৰ্ষ৷ 21 শতিকাত জন্মগ্ৰহণ কৰা আমাৰ দেশৰ যুৱ সমাজৰ বাবে এই বছৰটো হ’ব তেওঁলোকৰ জীৱনৰ নিৰ্ণায়ক বৰ্ষ৷ তেওঁলোক যেতিয়াই 18 বছৰীয়া হ’ব তেতিয়াই তেওঁলোক হৈ পৰিব দেশৰ ভাগ্য বিধাতা৷ 21 শতিকাত জন্মগ্ৰহণ কৰাসকলেই এই 21 শতিকাৰ ভাগ্য নিৰ্ণয় কৰিব, কিয়নো তেওঁলোক অহাবছৰেই 18 বছৰীয়া হৈ পৰিব৷ মই এই সকলো যুৱচামকেই আন্তৰিক অভিনন্দন জনাইছো, সন্মান জনাইছো আৰু লগতে ক’বলৈ বিচাৰিছো যে আহা, তোমালোক এতিয়া 18 বছৰৰ এই গুৰুত্বপূৰ্ণ স্থানত আহি উপবিষ্ট হৈছা৷ দেশ নিৰ্মাণ কৰাৰ বাবে, দেশৰ ভৱিষ্য নিৰ্ধাৰণৰ সুযোগ লাভ কৰিছা তোমালোকে৷ ক্ষীপ্ৰতাৰে দেশৰ বিকাশৰ যাত্ৰাৰ অংশীদাৰ হোৱা, দেশে তোমালোকক নিমন্ত্ৰণ জনাইছে৷


মোৰ আদৰৰ দেশবাসী, কুৰুক্ষেত্ৰৰ যুদ্ধত যুদ্ধক্ষেত্ৰত অৰ্জুনে শ্ৰীকৃষ্ণক বহু প্ৰশ্ন কৰিছিল, তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, মনৰ ভাৱ যেনে হ’ব, কাৰ্যৰ পৰিণামো তেনেই হ’ব৷ আৰু তেওঁ লগতে কৈছিল, মানুহে যি কথাৰ ওপৰত বিশ্বাস কৰে, সেই কথাৰ ওপৰতেই তেওঁ তাৰ পৰিণামো দেখা পায়, সেই দিশটোৱেই তেওঁ দেখা পায়৷ আমাৰ বাবেও, মনৰ বিশ্বাস যদিহে সঠিক  হয়, তেন্তে উজ্জ্বল ভাৰতৰ বাবে আমি সংকল্পবন্ধ হ’ম, আমি পূৰ্বৰে পৰাই যিদৰে নিৰাশাবাদী এটা মন লৈ ডাঙৰ দীঘল হৈছো, সেয়া পৰিহাৰ কৰি আমি এতিয়া আত্মবিশ্বাসেৰে আগবাঢ়িম৷ এনেকুৱা হৈয়েই থাকে! তেন্তে ঠিক আছে! আৰে, চলি থাকক! মই বুজিছো, এতিয়া আৰু ‘চলি যায়’ৰ দিন গ’ল, এতিয়া আহিল – পৰিবৰ্তন হৈছে, পৰিবৰ্তন হ’ব পাৰে, পৰিবৰ্তন হৈ আছে’ৰ দিন৷ এই বিশ্বাসেই আমাৰ মনৰ মাজতো থাকিব, তেতিয়া আমিও সেই বিশ্বাস অনুসৰি…সাধক হ’ম, সাধনা কৰিম, সমৰ্থবান হ’ম, সংসাধন থাকিব, কিন্তু যেতিয়া এইবোৰ ত্যাগ আৰু তপস্যাৰ সৈতে জড়িত হৈ পৰিব, কোনো কাম কৰাৰ লক্ষ্যৰ সৈতে জড়িত হৈ পৰিব তেতিয়া স্বয়ংক্ৰিয়ভাৱেই এক বৃহৎ পৰিবৰ্তন আহি পৰে আৰু সিয়েই সংকল্প সিদ্ধিলৈ পৰিৱৰ্তিত হৈ পৰে৷

মোৰ আদৰৰ ভাই-ভনীহঁত, স্বাধীন ভাৰতত প্ৰতিগৰাকী দেশবাসীৰ অন্তৰতে দেশৰ ৰক্ষা-সুৰক্ষা এক অতি স্বাভাৱিক কথা৷ আমাৰ দেশ, আমাৰ সেনা, আমাৰ বীৰ পুৰুষ, প্ৰতিটো সামৰিক বাহিনী, যিয়েই হওঁক, কেৱল, স্থল সেনা, বায়ু সেনা বা নৌ সেনাৰ কথাই কোৱা নাই, সকলো ঐক্যবস্ত্ৰধাৰী বাহিনী, সকলোৱেই যেতিয়াই সুযোগ আহিছে তেতিয়াই তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিছে, নিজৰ সামৰ্থ্য দেখুৱাইছে, বলিদান দিয়াৰ ক্ষেত্ৰতো আমাৰ দেশৰ বীৰ কেতিয়াও পিছহুহকি অহা নাই৷ সেয়া লাগিলে বামপন্থী উগ্ৰবাদীয়েই হওঁক, সন্ত্ৰাসবাদীয়েই হওঁক, অবৈধ অনুপ্ৰৱেশকাৰীয়েই হওঁক, দেশৰ ভিতৰভাগত অশান্তিৰ সৃষ্টি কৰা অপশক্তিয়েই হওঁক, আমাৰ এই ঐক্যবস্ত্ৰধাৰীসকলে বলিদানেৰে সেই সকলো অপশক্তি বিনাশ কৰি আহিছে৷ আৰু যেতিয়া Surgical Strike হৈছিল, তেতিয়া সমগ্ৰ বিশ্বই আমাৰ শক্তি সামৰ্থ্যক স্বীকাৰ কৰিছিল৷

মোৰ আদৰৰ দেশবাসী, এইটো কথা পৰিস্ফূট হৈ আছে যে দেশৰ সুৰক্ষাই আমাৰ প্ৰাথমিকতা৷ সমূদ্ৰই হওঁক বা সীমান্তই হওঁক, Cyber ই হওঁক বা Space হওঁক, সকলোধৰণৰ সুৰক্ষাতে ভাৰত নিজৰ মাজতেই সমৰ্থবান, তদুপৰি দেশৰ বিৰুদ্ধে যিকোনো কাম কৰা পক্ষকেই উচিত প্ৰত্যুত্তৰ দিবলৈও ভাৰত সক্ষম৷

মোৰ আদৰৰ দেশবাসী, দৰিদ্ৰ জনতাৰ গাঁথিৰ ধন আত্মসাৎ কৰি নিজৰ ভড়াল চহকী কৰা লোকসকলে আজিও সুখনিদ্ৰাত নিমগ্ন হ’ব পৰা নাই, আৰু ইয়াৰ জৰিয়তে পৰিশ্ৰমী তথা সৎ লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি পাইছে, আস্থা বৃদ্ধি পাইছে৷ সৎ লোকসকলে এতিয়া চিন্তা কৰিছে যে হয়, এতিয়া মই সৎ পথেৰে চলিলে অৱশ্যেই তাৰ উচিত মূল্য মই পাম৷ আজি এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে সততাৰ উৎসৱ হৈছে আৰু অসৎ লোকসকলৰ বাবে মুখ লুকুৱাবলৈ ঠাই নাইকিয়া হৈছে৷ এই কামটোৱে এক নতুন আস্থাৰ জন্ম দিয়ে৷

বেনামী সম্পত্তি ৰখাসকলে, কিমান বছৰ বছৰ ধৰি আইন কানুনৰ মাজত ওলমি আছিল সেয়া আমি সকলোৱেই জানো৷ অলপতে আমি আইনৰ বিধিগত ৰূপেৰে সমগ্ৰ ব্যৱস্থাটো আগুৱাই নিয়াৰ কাম আৰম্ভ কৰিছো৷ ইমান কম সময়ৰ ভিতৰতেই চৰকাৰে 800 কোটিতকৈও অধিক বেনামী সম্পত্তি জব্দ কৰিছে৷ এনে কামবোৰেই সাধাৰণ জনতাৰ মনত এক বিশ্বাসৰ জন্ম দিয়ে যে এই দেশ সৎ লোকসকলৰ দেশ৷

30-40 বছৰ ধৰি আমাৰ দেশৰ সেনাসকলৰ বাবে ‘এক ৰেংক-এক পেঞ্চন’ ৰ বিষয়টো নিস্পত্তিহীন হৈ আছিল, চৰকাৰে সেয়াও পূৰ কৰিলে৷ আমাৰ সেনানীসকলৰ আশা-আকাঙ্খা পূৰ কৰিবৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰাৰ লগে লগে দেশৰ বাবে প্ৰাণাহুতি দিবলৈও তেওঁলোকৰ শক্তি উঠলি উঠে৷

দেশত ভালেমান ৰাজ্য আছে, কেন্দ্ৰ চৰকাৰ আছে৷ আমি দেখিছো যে GST ৰ দ্বাৰা দেশত Cooperative Federalism, Competitive Cooperative Federalism এ এক নৱশক্তি লাভ কৰিছে, তাৰ ফলাফলো দেখা গৈছে৷ আৰু যিদৰে GST সফল হৈছে, কোটি কোটি লোকৰ working hours তাত প্ৰয়োগ হৈছে৷ Technology ত এক miracle আছে, বিশ্ববাসীয়ে অদ্ভূত মানিছে যে ইমান ডাঙৰ এখন দেশত ইমান ক্ষীপ্ৰতাৰে GST বলবৎ হৈছে, এয়াই প্ৰমাণ কৰে যে ভাৰতৰ মাজত কিমান সামৰ্থ্য আছে, ইয়েই ভাৰতৰ প্ৰতিটো প্ৰজন্মকে এক গভীৰ বিশ্বাস, এক গভীৰ প্ৰত্যয় প্ৰদান কৰাৰ বাবে কাম কৰিছে৷

নতুন ব্যৱস্থাই জন্ম লয়৷ আজি দুগুণ ক্ষীপ্ৰতাৰে পথ নিৰ্মাণ হৈছে, দুগুণ ক্ষীপ্ৰতাৰে ৰে’লপথ স্থাপন হৈছে, স্বাধীনতাৰ ইমান বছৰ পিছতো এন্ধাৰত ডুব গৈ থকা 14 হেজাৰ গাওঁৱে আজি বিজুলীবাতিৰ পোহৰ পাইছে, এয়া আমি স্পষ্টভাৱে দেখিছো৷ 29 কোটি দৰিদ্ৰ লোকে যেতিয়া Bank Accounts খোলে, ন কোটিতকৈ অধিক কৃষকে যেতিয়া Soil Health Card লাভ কৰে, আঢ়ৈ কোটিতকৈও অধিক দৰিদ্ৰ মা-ভনীয়ে যেতিয়া খৰিৰ চুলা বা চৌকাৰ পৰা মুক্তি লাভ কৰি গেছৰ চুলা লাভ কৰে, তাতকৈ আৰু আনন্দৰ কথা কিবা থাকিব পাৰেনে৷ এনেবোৰ দিশতেই দীনদৰিদ্ৰ জনতাৰ উৎসাহ দুগুণে বৃদ্ধি হয়৷ দৰিদ্ৰ লোকসকল মুখ্যধাৰাৰে জড়িত হৈ থাকে আৰু দেশ প্ৰগতিৰ দিশে ধাৱমান হৈছে৷

যুৱক-যুৱতীসকলে কোনো গ্যাৰাণ্টি অবিহনেই স্ব-ৰোজগাৰৰ বাবে আঠ কোটিতকৈ অধিক ঋণৰ স্বীকৃতি লাভ কৰিছে৷ বেংকৰ পা লাভ কৰা ঋণত সূদৰ হাৰ কম হৈছে৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰিত হৈছে৷ মধ্যবিত্ত শ্ৰেণীৰ লোকে যদি নিজাকৈ এটা ঘৰ নিৰ্মাণ কৰিবলৈ বিচাৰে তেন্তে অতি কম সূদৰ হাৰত ঋণ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ তেতিয়াহে দেশৰ বাবে কিবা এটা কৰাৰ বাবে, দেশ আগবাঢ়িব, এই বিশ্বাসেৰেই দেশৰ জনসাধাৰণ অহৰহ সংযোজিত হৈ থাকে৷

সময় সলনি হৈছে৷ আজি চৰকাৰে যি কয় সেয়া সম্পাদন কৰাৰ বাবে সংকল্পবদ্ধ হোৱা দেখা গৈছে৷ সেয়া লাগিলে মৌখিক সাক্ষাৎকাৰ ব্যৱস্থা বিলোপ কৰোৱাৰ কতাই হওঁক, লাগিলে process শেষ কৰাৰ কথাই হওঁক৷ কেৱল সাধাৰণ labour field তেই সাধাৰণ ব্যৱসায়ীয়ে 50-60 form পূৰ কৰিব লাগিছিল, সেইবোৰ কম কৰি আমি মাত্ৰ পাচখন প্ৰ-পত্ৰলৈ লৈ আহিছো৷ মই এনে বহু উদাহৰণ দিব পাৰো, তাৰ অৰ্থ হৈছে Good Governance, Governance ৰ process ক simplify কৰা, সেই দিশবোৰৰ প্ৰতি গুৰুত্ব দিয়াৰ ফলতেই আজি কামলৈ ক্ষীপ্ৰতা আহিছে, নিৰ্ণয়লৈ ক্ষীপ্ৰতা আহিছে৷ আৰু এইবাবেই এশ পছিশ কোটি ভাৰতীয় এই বিশ্বাসক সাৰোগত কৰি আগবাঢ়িছে৷ 

মোৰ আদৰৰ দেশবাসী, আজি ভাৰতৰ মান সন্মান তথা সমৃদ্ধি সমগ্ৰ বিশ্বতে বিশ্ৰুত হৈ পৰিছে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ! মোৰ আদৰৰ দেশবাসী আজি আপোনালোকে জানি অতি আনন্দিত হ’ব যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি কৰি যোৱা যুঁজখনত আজি আমি অকলশৰীয়া নহয়৷ বিশ্বৰ ভালেমান দেশে সক্ৰিয় ৰূপত আমাক সহায় কৰি আছে৷ হাৱাৰা ব্যৱসায় হ’লেও সমগ্ৰ বিশ্বই আমাক সেই খবৰ দি আছে৷ সন্ত্ৰাসবাদীৰ গতিবিধি সন্দৰ্ভত আমাক খবৰ দি আছে অহৰহ৷ সমগ্ৰ বিশ্বৰ সৈতে খোজত খোজ মিলাই আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছো৷ এনেবোৰ ক্ষেত্ৰত ভাৰতক বিশ্বৰ যিবোৰ দেশে সহায় সহযোগ আগবঢ়াই দেশখনৰ সম্ভ্ৰম ৰক্ষা কৰি আহিছে সেই আটাইবোৰ দেশকে মই আন্তৰিক অভিনন্দন জনাইছো আৰু এই বৈশ্বিক সম্পৰ্কই ভাৰতৰ শান্তি তথা সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন যুগান্তকাৰী দিশ ৰচনা কৰিছে, এক নতুন শক্তিৰ উন্মেষ ঘটাইছে৷

জম্মু কাশ্মীৰৰ বিকাশ, উন্নতি, সাধাৰণ নাগৰিকৰ সপ্ন বাস্তবায়িত কৰা এইবোৰ জম্মু কাশ্মীৰ চৰকাৰৰ লগতে আমাৰ সকলোৰে সংকল্প৷ আকৌ এবাৰ এই স্বৰ্গ আমি সকলোৱে অনুভৱ কৰো আহক, এই অৱস্থালৈ লৈ অহাৰ বাবে আমি প্ৰতিজ্ঞাবন্ধ হওঁ আহক৷ আৰু এইবাবেই মই ক’বলৈ বিচাৰিছো যে কাশ্মীৰত যিয়েই হয় তাৰ প্ৰতিক্ৰিয়া সদায়েই অধিক হয়, আক্ষেপ-প্ৰতিআক্ষেপো যথেষ্ট হয়, সকলোৱেই পৰস্পৰে পৰস্পৰত গালি শপনি দিবলৈ আৰম্ভ কৰে৷ কিন্তু মোৰ ভাই-ভনীহঁত, মই স্পষ্টকৈ মানো যে  কাশ্মীৰত যিবোৰ ঘটনা ঘটি থাকে সেইবোৰ বিচ্ছিন্নতাবাদী, এমুঠিমান বিচ্ছিন্নতাবাদীৰ কলুষ মনৰ ষড়যন্ত্ৰ বাদে আন একো নহয়, কিন্তু সেই যুঁজখন যুঁজিবলৈ মোৰ মগজুত বিষয়বোৰ স্পষ্ট হৈ আছে৷ গালিৰেও সমস্যা সমাধান নহয়, গুলীৰেও সমস্যা সমাধান নহয়, আৰু মোৰ দেশৰ এশ পছিশ কোটি জনতা এই মতবাদেৰেই লালিত পালিত হৈছে৷ আৰু সেইবাবেই, ‘গালিৰেও নহয়, গুলীৰেও নহয়, পৰিৱৰ্তন আহিব সম্প্ৰীতিৰে’ এই সংকল্প গ্ৰহণ কৰি আমি সকলোৱে আগবাঢ়িবলৈ লৈছো৷

সন্ত্ৰাসবাদৰ বিৰুদ্ধে কোনোধৰণৰ নমনীয়তা প্ৰদৰ্শন কৰা নহ’ব৷ সন্ত্ৰাসবাদীসকলক আমি বাৰে-বাৰে কৈছোঁ যে আপোনালোক মূলসুঁতিলৈ ঘূৰি আহক, ভাৰতৰ লোকতন্ত্ৰত আপোনালোকে আলোচনা কৰাৰ পূৰ্ণ অধিকাৰ আছে, সম্পূৰ্ণ ব্যৱস্থা আছে৷ আৰু এই মুখ্যধাৰাৰ জৰিয়তে যিকোনো লোকৰ জীৱনত নতুন শক্তি প্ৰদান কৰিব পাৰি৷ আৰু সেই বাবে মই সন্তোষিত হৈছোঁ যে আমাৰ সুৰক্ষাবলৰ চেষ্টাৰ জৰিয়তে মাওবাদী এলেকাত বহুসংখ্যক লোক আত্ম-সমৰ্পণ কৰি মূলসুঁতিলৈ উভতিবলৈ তেওঁলোকে প্ৰয়াস কৰিছে৷

 

সীমাৰ সুৰক্ষাৰ বাবে আমাৰ জোৱানসকল সাজু আছে৷ মই সুখী যে আজি ভাৰত চৰকাৰে এনেকুৱা এক ৱেবছাইট মুকলি কৰিছে য’ত বীৰ পুৰস্কাৰপ্ৰাপ্তসকল, আমাৰ দেশৰ গৌৰৱসকল, তেওঁলোকৰ সম্পূৰ্ণ তথ্য আজি বীৰ পুৰস্কাৰপ্ৰাপ্তসকলৰ আধাৰত এক প’ৰ্টেলৰ শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে নৱ প্ৰজন্মই এই বীৰসকলৰ বলিদানৰ বিষয়ে বহু কথা জানিব পাৰিব৷

প্ৰযুক্তিৰ সহায়ৰ জৰিয়তে দেশত সুনীতিত বল প্ৰয়োগ কৰিবলৈ আমি বহু প্ৰয়াস কৰিছোঁ৷ ক’লাধনৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত থাকিব৷ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত থাকিব৷ আৰু আমি ধীৰে ধীৰে প্ৰযুক্তিক মধ্যৱৰ্তী কৰি আধাৰ ব্যৱস্থাক সংবদ্ধ কৰি স্বচ্ছতা অনাৰ দিশত অনেক সফল প্ৰয়াস কৰিছোঁ আৰু বিশ্বত বহু লোকে ভাৰতৰ এই মণ্ডলৰ কথা আলোচনাও কৰে আৰু ইয়াৰ অধ্যয়নো কৰে৷

চৰকাৰতো আজি এক সামান্য ক্ৰয় প্ৰক্ৰিয়াৰ বাবে এজন সাধাৰণ ব্যক্তিয়েও হাজাৰ কিলোমিটাৰ আঁতৰৰ গাঁৱৰ এজন ব্যক্তিয়েও চৰকাৰক নিজৰ সামগ্ৰী যোগান ধৰিব পাৰে, নিজৰ দ্ৰব্য যোগান ধৰিব পাৰে৷ তেওঁক কোনো ডাঙৰ মানুহৰ প্ৰয়োজন নাই৷ GEM নামৰ এটা প’ৰ্টেল নিৰ্মাণ কৰা হৈছে৷ GEMৰ জৰিয়তে government procure হৈ আছে৷ বৃহৎ পৰিমাণে স্বচ্ছতা অনাৰ দিশত সফলতা প্ৰাপ্ত হৈছে৷

ভাই-ভনীসকল, চৰকাৰী যোঁজনাৰ গতি তীব্ৰ হৈছে৷ যেতিয়া চৰকাৰ, কোনো কামত বিলম্ব হয়, তেতিয়া কেৱল প্ৰকল্পতেই বিলম্ব নহয়৷ সেয়া কেৱল ধন খৰচ হোৱাৰ লগত জড়িত বিষয়েই নহয়৷ যেতিয়া কোনো কাম ৰৈ যায়, বন্ধ হৈ যায়, তেতিয়া সকলোতকৈ বেছি লোকচান মোৰ দাৰিদ্ৰ পৰিয়ালবোৰৰ হয়৷ মোৰ ভাই-ভনীসকলৰ হয়৷ আমি ন মাহৰ ভিতৰতে মঙলযানত উপস্থিত হ’ব পাৰোঁ৷ এয়া আমাৰ সামৰ্থ৷ ন মাহৰ ভিতৰত ইয়াৰ পৰা মঙলযান পাব পাৰি৷ কিন্তু মই চৰকাৰ খতিয়ান প্ৰতি মাহতে লওঁ৷ এবাৰ এনে কথাৰ প্ৰতি মই লক্ষ্য কৰিলোঁ, ৪২ বছৰীয়া পুৰণা এক প্ৰকল্প, ৭০-৭২ কিলোমিটাৰৰ এটা প্ৰকল্প, ৰে’লৰ ৪২ বছৰ ধৰি ওলমি আছিল৷ ভাই-ভনীসকল, ন মাহত মঙলযানত উপস্থিত হ’ব পৰা সামৰ্থৰ মোৰ দেশত ৪২ বছৰ ধৰি ৭০-৭২ কিলোমিটাৰৰ এক ৰে’লৰ লাইন বহুৱাব পৰা নাছিল, তেতিয়া দাৰিদ্ৰৰ মনত এটা প্ৰশ্নৰ উদয় হ’ল যে মোৰ দেশৰ কি হ’ব? আৰু এনেকুৱা সামগ্ৰীৰ প্ৰতি মই ধ্যান দিছোঁ৷ এইসমূহত পৰিৱৰ্তন অনিবলৈ আমি নতুন নতুন প্ৰযুক্তি Geo-Technologyৰ বিষয়ৰ,  Space-Technologyৰ বিষয় হওক, এইসমূহ এক গোট কৰি তাত পৰিৱৰ্তন আনিবলৈ প্ৰয়াস কৰিছোঁ৷

আপোনালোকে প্ৰত্যক্ষ কৰিছিল, এটা সময় আছিল যেতিয়া ইউৰিয়াৰ বাবে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত অঁৰিয়াঅঁৰি আছিল৷ কেৰাচিনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত অঁৰিয়াঅঁৰি আছিল৷ এনেকুৱা এটা অৱস্থা আছিল যেন কেন্দ্ৰ জ্যেষ্ঠ ককায়েক আৰু ৰাজ্য সৰু ভায়েক৷ আমি প্ৰথমৰ পৰাই যিটো দিশত কাম কৰিছোঁ, কাৰণ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হৈ আছিলোঁ, সেয়ে মই জানো যে দেশৰ বিকাশৰ বাবে ৰাজ্যৰ অৱদান কিমান গুৰুত্বপূৰ্ণ, ৰাজ্য চৰকাৰৰ অৱদান কিমান গুৰুত্বপূৰ্ণ, ইয়াক মই ভালদৰেই জানো আৰু সেইবাবে Co-operative Federalism আৰু এতিয়া Competitive Co-operative Federalismৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ আৰু আপোনালোকে দেখিছে আজি সকলোবোৰ সিদ্ধান্ত আমি সকলোৱে মিলি গ্ৰহণ কৰিছোঁ৷

আপোনালোকৰ মনত আছে লালকিল্লাৰ দূৰ্গৰ পৰা এবাৰ দেশৰ বিদ্যুৎ কোম্পানীবোৰৰ দুৰ্দশাৰ চৰ্চা এজন প্ৰধানমন্ত্ৰীয়ে কৰিছিল৷ লালকিল্লাত এই চিন্তা ব্যক্ত কৰিবলগীয়া হৈছিল৷ আজি আমি ৰাজ্যসমূহক লগত লৈ ‘উদয় যোঁজনা’ৰ দ্বাৰা ৰাজ্যক শক্তি প্ৰদান কৰি যিসমূহ বিদ্যুৎ কাৰখানাত এই সমস্যা আছিল, সেই সকলোবো আমি মিলি সমাধান কৰিলোঁ৷ এয়া Federalismৰ এক ডাঙৰ প্ৰমাণ৷

GST ৰ সৈতে Smart City নিৰ্মাণৰ কথা হওক, স্বচ্ছতাৰ অভিযানেই হওক, টয়লেটৰ চৰ্চাই হওক, Ease of doing Businessৰ কথায়েই হওক, এই সমূহ বিষয় এনেকুৱা যে দেশৰ সকলো ৰাজ্য এক গোট হৈ আজি ভাৰতৰ সৈতে, ভাৰত চৰকাৰৰ সৈতে একেলগে ৰাজ্যৰ সৈতে আগবঢ়াত সফলতা প্ৰাপ্তি হৈছে৷

মোৰ আদৰৰ দেশবাসী, ‘New India’, গণতন্ত্ৰ আমাৰ সকলোতকৈ ডাঙৰ শক্তি৷ কিন্তু আমি জানো যে আমি গণতন্ত্ৰক কেৱল মত-পত্ৰতেই সীমিত কৰি ৰাখিলোঁ৷ গণতন্ত্ৰ মত-পত্ৰতেই সীমিত কৰি ৰাখিব নোৱাৰি৷ আৰু সেইবাবে আমি ‘New India’ত সেই গণতন্ত্ৰক উত্থান কৰিব খুজিছোঁ য’ত তন্ত্ৰই জনসাধাৰণক নহয়, জনসাধাৰণেহে তন্ত্ৰক চলাওক৷ এনেকুৱা গণতন্ত্ৰ ‘New India’ৰ পৰিচয় হওক, আমি সেই দিশত গতি কৰিব বিচাৰিছোঁ৷

লোকমান্য তিলকে কৈছিল, ‘‘স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ’’৷ স্বাধীন ভাৰতত আমাৰ সকলোৰে মন্ত্ৰ হ’ব লাগে, ‘‘সুৰাজ্য মোৰ জন্মস্বত্ব’’৷ ‘সুৰাজ্য’ আমাৰ সকলোৰে দায়িত্ব হ’ব লাগে৷ নাগৰিকে নিজৰ দায়িত্ব পালন কৰিব লাগে, চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব লাগে৷

‘স্বৰাজৰ পৰা সুৰাজ্যলৈ যেতিয়া গতি কৰে, তেতিয়া দেশবাসী পিছ পৰি নৰয়৷ যেতিয়া মই গেছ সাহায্য পৰিত্যাগ কৰিবলৈ আহ্বান কৰিছিলোঁ, দেশ আগুৱাই আহিছিল৷ স্বচ্ছতাৰ কথা যেতিয়া কৈছিলোঁ, আজিও হিন্দুস্তানৰপ্ৰতি কোণত ক’ৰবাত নহয় ক’ৰবাত স্বচ্ছতাৰ অভিযান চলি আছে৷ যেতিয়া বিমূদ্ৰাকৰণৰ কথা ক’লোঁ, বিশ্ব স্তম্ভিত হ’ল, আনকি মানুহে এইদৰেও ক’লে, এতিয়া মোডী গ’ল৷ কিন্তু বিমূদ্ৰাকৰণৰ সময়ত ডেৰশ কোটি ভাৰতীয়ই যিদৰে নিজৰ ধৈৰ্য প্ৰদৰ্শন কৰিলে, যি বিশ্বাস প্ৰদৰ্শন কৰিলে আৰু তাৰ পৰিণামস্বৰূপেই আজি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধ নাকী লগোৱাত আমি এটা পৰ্যায়ত সফল হৈছোঁ৷ আমাৰ দেশৰ বাবে এই নতুন জন অংশীদাৰীৰ পৰম্পৰা…জন অংশীদাৰীৰেই দেশক আগুৱাই লৈ যোৱাৰ আমি প্ৰয়াস কৰিছোঁ৷

মোৰ আদৰৰ দেশবাসীসকল, লালবাহাদুৰ শাস্ত্ৰীয়ে জয় জোৱান জয় কিষাণৰ মন্ত্ৰ প্ৰদান কৰিছিল৷ আমাৰ দেশৰ কৃষকসকলে কেতিয়াও পিছলৈ ঘূৰি চোৱা নাই, ৰেকৰ্ডসংখ্যক ফচলৰ উৎপাদন আমাৰ দেশৰ কৃষকসকলে কৰি দেখুৱাইছে৷ প্ৰাকৃতিক বিপত্তিৰ সময়ত নতুন নতুন সিদ্ধি প্ৰাপ্ত কৰিছে৷ দাইলৰ অভিলেখসংখ্যক উৎপাদন হৈছে আৰু মোৰ মৰমৰ ভাই-ভনীসকল, মোৰ কৃষকভাই সকল, হিন্দুস্তানত কেতিয়াও দাইল ক্ৰয়ৰ পৰম্পৰা নাছিল আৰু মাজে সময়ে হৈছে যদিও হাজাৰতেই হাজাৰ টনৰ হিচাপ হৈছিল, এইবাৰ যেতিয়া মোৰ দেশৰ কৃষকসকলে দাইল উৎপাদন কৰি দাৰিদ্ৰক পৌষ্টিক আহাৰ দিয়াৰ কাম কৰিছে, তেতিয়া চৰকাৰে ১৬ লাখ টন দাইল ক্ৰয়ৰ ঐতিহাসিক কৰ্মৰ জৰিয়তে ইয়াক উৎসাহ প্ৰদান কৰিছে৷

প্ৰধানমন্ত্ৰী ফচল বীমা যোঁজনা, এক সুৰক্ষা কৱচ মোৰ কৃষক ভাইসকলে প্ৰাপ্ত কৰিছে৷ তিনি বছৰ পূৰ্বে কেৱল চাৰে তিনি কোটি কৃষক এই প্ৰধানমন্ত্ৰী ফচল বীমা যোঁজনা যি পূৰ্বে অন্য নামত চলিছিল তাৰ সুবিধা প্ৰাপ্ত কৰিছিল৷ আজি প্ৰধানমন্ত্ৰী ফচল বীমা যোঁজনাত ইমান কম সময়ৰ ভিতৰত বহু নতুন কৃষক সংবদ্ধ হৈছে আৰু এই সংখ্যা বৃদ্ধি হৈ হৈ চাৰে ছয় কোটি সংখ্যক স্পৰ্শ কৰিছে৷

প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোঁজনা, কৃষকসকলে যদি পানী পায় তেন্তে মাটিতেই সোণ উৎপন্ন কৰাৰ ক্ষমতা তেওঁলোকৰ আছে আৰু সেইবাবে কৃষকসকলক পানী উপলব্ধ কৰোৱাৰ বাবে মই যোৱাবাৰ লালকিল্লাৰ পৰা কৈছিলোঁ, সেই যোঁজনাসমূহৰ ২১টা যোঁজনা আমি পূৰ্ণ কৰিছোঁ আৰু বাকী ৫০টা যোঁজনা অনাগত কিছু দিনৰ ভিতৰতে পূৰণ কৰা হ’ব৷ আৰু মুঠ ৯৯টা যোঁজনাৰ মই সংকল্প গ্ৰহণ কৰিছোঁ৷ ২০১৯ চনৰ পূৰ্বে সেই ৯৯টা ডাঙৰ যোঁজনা পূৰণ কৰি কৃষকসকলৰ খেতি পথাৰত পানী প্ৰদানৰ কাম আমি পূৰণ কৰি দিম৷ আৰু কৃষকসকলক বীজৰ পৰা বজাৰলৈ, যেতিয়ালৈ আমি ব্যৱস্থা কৰি নিদিওঁ, আমাৰ কৃষকসকলৰ ভাগ্য আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ৷ আৰু সেইবাবে আমাক আন্তঃগাঁথনি লাগে, তাৰবাবে যোগান-শৃংখল লাগে৷ প্ৰতি বছৰে আমাৰ লাখ-কোটি টকাৰ ফল-ফচল নষ্ট হয় আৰু সেয়া পৰিৱৰ্তন কৰাৰ বাবে Foreign Direct Investmentক উৎসাহ প্ৰদান কৰা হৈছে যাতে food processing ত আমাৰ সৈতে সমূহ বিশ্ব জড়িত হয়৷

আন্তঃগাঁথনি নিৰ্মাণৰ বাবে উৎসাহ প্ৰদান কৰা হৈছে আৰু ভাৰত চৰকাৰে ‘প্ৰধানমন্ত্ৰী কৃষক সম্পদ যোঁজনা’ প্ৰণয়ন কৰিলে৷ ইয়াৰ জৰিয়তে সেই ব্যৱস্থাসমূহৰ নিৰ্মাণ কৰা হ’ব যি বীজৰ পৰা বজাৰলৈ কৃষকক hand-holding কৰিব, ব্যৱস্থাৰ বিকশিত কৰিব আৰু আমাৰ কোটি কোটি কৃষকৰ জীৱনলৈ এক নতুন পৰিৱৰ্তন অনাত আমি সফল হ’ম৷

চাহিদা আৰু প্ৰযুক্তিৰ বাবে আমাৰ দেশত কৰ্মক্ষেত্ৰৰ স্বভাৱতো বহু পৰিৱৰ্তন আহিছে৷ নিয়োজনৰ সৈতে জড়িত যোঁজনাসমূহত, প্ৰশিক্ষণৰ প্ৰক্ৰিয়াত ২১শ শতিকাৰ আৱশ্যক অনুযায়ী, মানৱ সংসাধনৰ বিকাশৰ বাবে ভাৰত চৰকাৰে অনেক যোঁজনা হাতত লৈছে৷ নৱ প্ৰজন্মই যাতে গেৰাণ্টী অবিহনে টকা পায়, ইয়াৰ বাবে বহুত ডাঙৰ অভিযান চলোৱা হৈছে৷ আমাৰ নৱপ্ৰজন্মই যাতে নিজৰ ভৰিত থিয় দিব পাৰে, তেওঁলোকে নিয়োজন পাওক, নিয়োজন দিওঁতা হওক আৰু বিগত তিনি বছৰত দেখা গৈছে যে ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোঁজনা’ৰ অন্তৰ্গত কোটি কোটি নৱপ্ৰজন্মই নিজৰ ভৰিত থিয় হ’ব পাৰিছে৷ এয়াই নহয়, এজন নৱপ্ৰজন্মই এক বা দুই-তিনিজনক নিয়োজন প্ৰদান কৰিব পাৰিছে৷

শিক্ষাৰ ক্ষেত্ৰত World Class Universities নিৰ্মাণ কৰাৰ বাবে আমি বান্ধোনৰ পৰা মুক্ত হ’বলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ ২০খন বিশ্ববিদ্যালয়ক আহ্বান কৰিছোঁ যাতে তেওঁলোকে নিজৰ ভাগ্য নিজে নিৰূপণ কৰিব পাৰে, চৰকাৰ মাজত নোসোমায়৷ তাৰোপৰি চৰকাৰ ১০০০ কোটি টকাৰ সাহায্য প্ৰদান কৰিবলৈকো সাজু আছে৷ আহ্বান কৰা হৈছে, মোৰ বিশ্বাস, মোৰ দেশৰ শিক্ষা সংস্থাসমূহ নিশ্চয় আগুৱাই আহিব, ইয়াক সফল কৰি তুলিব৷

বিগত তিনিটা বৰ্ষত ৬ খন IIT, ৭ খন নতুন IIM, ৮ খন নতুন IIIT নিৰ্মাণ কৰা হৈছে আৰু শিক্ষাক নিয়োজনৰ সৈতে সংবদ্ধ কৰাৰ কামো হাতত লোৱা হৈছে৷

মোৰ মাতৃসকল, ভনীসকল, আজি বৃহৎ পৰিমাণ পৰিয়ালসকল মহিলাবোৰো নিয়োজনত আৱদ্ধ হৈছে৷ আৰু সেইবাবে ৰাতিও যাতে তেওঁলোকে কাম কৰিব পাৰে, কাৰখানাত কাম কৰাৰ সুবিধা পায়, আৰু সেইবাবে  Labour Lawsত পৰিৱৰ্তন আনিবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
আজি মই আমাৰ মহিলাসকলৰ সৱলীকৰণৰ বাবে, বিশেষকৈ মই সেই ভনীসকলক অভিনন্দন জনাব বিচাৰিছোঁ যিসকলে তিনি তালাকৰ বাবে দুৰ্দশাগ্ৰস্ত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে৷ কোনো আশ্ৰয় নাই, আৰু এনেকুৱা পীড়িত, তিনি তালাকৰ দ্বাৰা পীড়িত ভনীসকলে সমগ্ৰ দেশতে এক আন্দোলনৰ সৃষ্টি কৰিছে৷ দেশৰ বুদ্ধিজীৱি সমাজ স্তম্ভিত হৈছে, দেশৰ সংবাদ মাধ্যমেও তেওঁলোকক পূৰ্ণ সমৰ্থন কৰিছে, সমগ্ৰ দেশতে তিনি তালাকৰ বিৰুদ্ধে বিৰোধিতা কৰা হৈছে, মই হৃদয়েৰে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো আৰু মোৰ বিশ্বাস যে মাতৃ-ভগ্নীসকলক অধিকাৰ প্ৰাপ্ত কৰোৱাৰ বাবে এই যুদ্ধত হিন্দুস্তানে পূৰ্ণ সহযোগ আগবঢ়াব৷ হিন্দুস্তানে পূৰ্ণ সহযোগ আগবঢ়াব আৰু Women Empowermen ৰ এই মহত্বপূৰ্ণ পদক্ষেপ সফল হ’বই, এয়া মোৰ বিশ্বাস৷

মোৰ আদৰৰ দেশবাসীসকল, কেতিয়াবা কেতিয়াবা আস্থা নামত ধৈৰ্যৰ অভাৱত কিছুমান মানুহে এনে কাম কৰে যি সমাজ দ্বিখণ্ডিত হোৱাৰ উপক্ৰম হয়৷ দেশ শান্তি, সদভাৱনা আৰু একতাৰ দ্বাৰা চালিত হয়৷ জাতিবাদৰ বিষ, সাম্প্ৰদায়িকতাৰ বিষে দেশৰ কেতিয়াও ভাল কৰিব নোৱাৰে৷ এয়াতো গান্ধীৰ দেশ, বুদ্ধৰ দেশ, সকলোৱে একে লগে গতি কৰিব লাগিব; এয়া এই দেশৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক অংশ৷ আমি ইয়াক সফলতাৰে আগবঢ়াই নিব লাগিব, আৰু সেয়ে আস্থাৰ নামত হিংসাক গুৰুত্ব প্ৰদান কৰিব নোৱাৰি৷

চিকিৎসালয়ত ৰোগীৰ সৈতে কিবা হ’লে চিকিৎসালয় জ্বলাই দিয়া হয়; হঠাতে কিবা এটা হ’লে গাড়ী জ্বলাই দিয়া হয়; আন্দোলন কৰি চৰকাৰী সম্পত্তি জ্বলাই দিয়া হয়, স্বাধীন ভাৰতত এয়া কিহৰ বাবে? এয়া আমাৰ ডেৰশ কোটি ভাৰতীয়ৰ সম্পত্তি হয়৷ এই সাংস্কৃতিক পৰম্পৰা কাৰ হয়? এয়া আমাৰ ডেৰশ কোটি ভাৰতীয়ৰ সাংস্কৃতিক পৰম্পৰা৷ এই আস্থা কাৰ? এয়া আমাৰ ডেৰশ কোটি ভাৰতীয়ৰ আস্থা; আৰু সেইবাবে আস্থাৰ নামত হিংসাৰ পথ, এই দেশত কেতিয়াও নচলিব, এই দেশে কেতিয়াও স্বীকাৰ নকৰিব৷ আৰু সেইবাবে মই দেশবাসীক আহ্বান কৰিছোঁ, সেই সময়ত ‘ভাৰত ছোড়ো’ এই ধ্বনি আছিল, আজিৰ ধ্বনি হ’ল ‘ভাৰত জোড়ো’৷ ব্যক্তি-ব্যক্তি, জন-জন, সমাজৰ সকলোকে লগত লৈ আমি দেশক আগুৱাই নিব লাগিব৷
সমৃদ্ধ ভাৰত নিৰ্মাণৰ বাবে আমাক সুদৃঢ় অৰ্থব্যৱস্থাৰ প্ৰয়োজন৷ সন্তুলিত বিকাশৰ প্ৰয়োজন, next generation infrastructure ৰ প্ৰয়োজন, তেতিয়াহে আমাৰ সপোনৰ ভাৰতক আমি নিজ চকুৰে দেখা পাম৷

ভাই-ভনীসকল, বিগত তিনিটা বৰ্ষত আমি অসংখ্য নিৰ্ণয় গ্ৰহণ কৰিছোঁ৷ কিছুমান বস্তুক লক্ষ্য কৰা হৈছে আৰু কিছুমান বস্তু লক্ষ্যৰ বাহিৰত থাকি গৈছে৷ কিন্তু এটা কথা গুৰুত্বপূৰ্ণ৷ যেতিয়া আপুনি ইমান ডাঙৰ পৰিৱৰ্তন কৰে তেন্তে বাধা সন্মুখত আহে, গতি মন্থৰ হয়৷ কিন্তু এই চৰকাৰৰ কাৰ্যশৈলী লক্ষ্য কৰক, যদি এখন ৰে’লো কোনো ৰে’লৱে ষ্টেচনৰ কাষেৰে পাৰ হৈ যায়, যেতিয়া ট্ৰেক পৰিৱৰ্তন কৰা হয় তেতিয়া ৬০ৰ বেগত চলা ৰে’লখনৰ বেগ ৩০ কৰিবলগীয়া হয়৷ ট্ৰেক পৰিৱৰ্তনত ৰে’লৰ গতি কমি যায়৷ আমি সমগ্ৰ দেশকে এটা নতুন ট্ৰেকত লৈ যোৱাৰ প্ৰয়াস কৰিছো, কিন্তু আমি বেগ কমোৱা নাই, আমি সেই বেগ অব্যাহত ৰাখিছোঁ৷ GST য়েই হওক বা কোনো আইনেই হওক অথবা কোনো ব্যৱস্থাৰ প্ৰণয়নেই হওক, আমি সেয়া সাফল্যমণ্ডিত কৰি তুলিছোঁ আৰু আগলৈও ইয়াক আমি কৰি যাম৷
আমি আন্তঃগাঁথনিৰ ওপৰত জোৰ দিছোঁ৷ আন্তঃগাঁথনিত অভূতপূৰ্ব খৰচ কৰিছোঁ৷ ৰে’লৱে ষ্টেচনৰ আধুনিকীকৰণ, সৰু চহৰত বিমানবন্দৰ, জল-পথ, পথ, গেছ গ্ৰিড, পানীৰ গ্ৰীড, অপ্টিকেল ফাইবাৰ নেটৱৰ্ক আদি নিৰ্মাণৰ বাবে আধুনিক আন্তঃগাঁথনিত আমি পূৰ্ণৰূপে গুৰুত্ব প্ৰদান কৰিছোঁ৷

মোৰ শ্ৰদ্ধাৰ দেশবাসী, একবিংশ শতিকা ভাৰতক আগুৱাই নিয়াৰ বাবে আটাইতকৈ সক্ষম স্থান হৈছে আমাৰ পূব ভাৰত। সেই স্থান ইমান সক্ষম, সমৰ্থবান মানৱ সম্পদ, অপৰিসীম প্ৰাকৃতিক সম্পদ, পৰিশ্ৰমী, সংকল্প লৈ জীৱন সলনি কৰাৰ সামৰ্থ আছে। উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, অসম, উত্তৰ-পূব, ওড়িশাৰ দৰে দেশৰ ইমান সামৰ্থবান ৰাজ্য আছে, য’ত প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। সেইবোৰক নতুন শিখৰত উপনীত কৰোৱাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।

 ভাই-ভনীসকল, দুৰ্নীতি মুক্ত ভাৰত গঢ়াতো এক অতি গুৰুত্বপূৰ্ণ কাম, সেইটো সফল কৰাৰ বাবে চেষ্টা কৰি আছোঁ। চৰকাৰ গঠনৰ পাছত প্ৰথমে SIT গঠনৰ কাম কৰিলোঁ। আজি তিনি বছৰৰ পাছত দেশবাসীক গৌৰৱেৰে জনাব বিচাৰিছোঁ যে প্ৰায় ১২৫ লাখ কোটি টকা আমি উলিয়াই আনিলো, তাক ধৰিলোঁ আৰু তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিলোঁ।

 তাৰপাছতে, আমি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ল’লো। বিমুদ্ৰাকৰণৰ জৰিয়তে আমি বহুতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। যিবোৰ ক’লাধন লুকুৱাই ৰাখিছিল, সেইবোৰ মুঁল সুঁতিলৈ ঘুৰি আহিল। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আমি ৭ দিন, ৮ দিন, ১৫ দিনকৈ সময় বঢ়াই দিছিলোঁ কেতিয়াবা পেট্ৰ’ল পাম্পত, কেতিয়াবা ঔষধৰ দোকানত, কেতিয়াবা ৰে’লৱে ষ্টেচনত পুৰণি নোট লোৱাৰ ব্যৱস্থা অব্যাহত ৰাখিছিলোঁ, কাৰণ আমাৰ প্ৰচেষ্টা আছিল যে যিবোৰ ধন ঘুৰি আহিব, সেইবোৰ প্ৰকৃত অৰ্থনীতিৰ অংশ হৈ পৰিব আৰু সেই কাম সফলতাৰে সম্পন্ন হয়। ইয়াৰ বাবে যি গৱেষণা কৰিলে, প্ৰায় তিনি লাখ কোটি টকা, এই গৱেষণা চৰকাৰে কৰা নাই, বাহিৰৰ বিশেষজ্ঞই গৱেষণা কৰিছে। বিমুদ্ৰাকৰণৰ পাছত যি অতিৰিক্ত তিনি লাখ কোটি টকা, সেয়া কেতিয়াওঁ বেংকিং ব্যৱস্থালৈ অহাৰ আশা নাছিল, সেয়া আহিল।

 বেংকত জমা হোৱা ২.৫০ লাখ কোটিতকৈও অধিক টকা সন্দেহৰ আৱৰ্তত আছিল। অতি কমেও দুই লাখ কোটি ক’লা ধন তেওঁলোকে বেংকত জমা কৰিব লগাত পৰিলে আৰু এতিয়া এই ধনৰ বিপৰীতে উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য হৈছে। নতুন ক’লাধন জমাৰ ক্ষেত্ৰতো বহুধৰণৰ বাধানিষেধ আৰোপ কৰা হৈছে। চলিত বৰ্ষত ইয়াৰ ফলস্বৰুপে ১ এপ্ৰিলৰ পৰা ৫ আগষ্টলৈকে আয়কৰ ৰিটাৰ্ণ ফাইল জমা কৰা নতুন ব্যক্তিগত কৰদাতাৰ সংখ্যা ৫৬ লাখ হৈছেগৈ। যোৱা বছৰ এই সংখ্যা কেৱল ২২ লাখ আছিল, যিটো দুগুণতকৈও অধিক। এয়া ক’লাধনৰ বিৰুদ্ধে আমি কৰা যুঁজৰ ফল।

 ১৮ লাখতকৈ অধিক লোকক চিনাক্ত কৰা হৈছে, যিসকলৰ আয় আৰু জমাৰ হিচাপৰ মাজত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে, সেইবাবে তেওঁলোকে ইয়াৰ উত্তৰ দিব লগা হৈছে। ৪.৫ লাখ লোকে নিজৰ ভুল স্বীকাৰ কৰি, শুদ্ধ পথ অহাৰ প্ৰচেষ্টা চলাইছে। ১ লাখ লোকে আজিলৈকে আয়কৰৰ নামেই শুনা নাই, তেওঁলোকে আয়কৰ দিয়াও নাই আৰু এই বিষয়ে একো ভৱাই নাছিল, কিন্তু আজি তেওঁলোকে আয়কৰ দিব লগা হৈছে।

 ভাই-ভনীসকল, আমাৰ দেশৰ কেতিয়াবা দুই-চাৰিটা কোম্পানী বন্ধ হৈ গ’লেই চৌব্বিছ ঘণ্টা চৰ্চা হয়, তাক লৈ আলোচনা হয়। বহুতে ক’ব অৰ্থনীতি ডুবিল, অমুক হ’ল, তমুক হ’ল, কি কি যে নকয়। আপোনালোকে জানি আচৰিত হ’ব যে ক’লাধনৰ ব্যৱসায় Shell কোম্পানীয়ে চলাইছিল আৰু বিমুদ্ৰাকৰণৰ পাছত যেতিয়া data-mining কৰা হ’ল, তেতিয়া এনেকুৱা তিনিলাখ কোম্পানী পোৱা গ’ল। হাৱালা ব্যৱসায় কৰে। তিনি লাখ, কল্পনা কৰিবই নোৱাৰি। আৰু ইয়াৰে ১৭৫ লাখ কোম্পানীৰ পঞ্জীয়ন আমি বাতিল কৰিলোঁ। পাঁচটা কোম্পানী বন্ধ হ’লেই ভাৰতত ধুমুহাৰ সৃষ্টি কৰে। কিন্তু ১৭৫ লাখ কোম্পানীত আমি তলা লগাই দিলোঁ। দেশৰ সম্পত্তি লুটিপুতি খোৱাসকলে উত্তৰ দিব লাগিব, সেই কাম আমি কৰি দেখুৱালোঁ।

 আপোনালোকে জানি আচৰিত হ’ব যে একাংশ shell কোম্পানী এনেকুৱা আছিল যে এটা ঠিকনাতে ৪০০ মানকৈ কোম্পানী চলাই আছিল। চাওতা কোনো নাছিল, কোনেও একো সোধা নাছিল। সকলো মিলিজুলি কাম চলাই গৈছিল। সেইবাবে মই দুৰ্নীতিৰ বিৰুদ্ধে বহুত ডাঙৰ যুঁজ ঘোষণা কৰিলোঁ। দেশৰ ভালৰ বাবে, দুখীয়া লোকসকলৰ কল্যানৰ বাবে, দেশৰ নৱপ্ৰজন্মৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে এই পদক্ষেপ হাতত ল’লো।

 ভাই-ভনীসকল, জিএছটিৰ পাছত দোপত দোপে দেশৰ উন্নতি হৈছে বুলি মোৰ বিশ্বাস। ইয়াৰ দ্বাৰা স্বচ্চতা নিশ্চিতভাৱে আহিব। আমাৰ ট্ৰাক চালকসকলে পৰিবহণ ব্যৱস্থাৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ যায়। জিএছটিৰ লগে লগে ছেকপোষ্টবোৰ বন্ধ হৈ পৰাত তেওঁলোকৰ ৩০ শতাংশ সময় আৰু হাজাৰ কোটি টকা ৰাহি হ’ল। সকলোতকৈ ডাঙৰ ৰাহি হৈছে সময়ৰ। এক কথাত তেওঁলোকৰ ৩০ শতাংশ ক্ষমতা বৃদ্ধি পালে। আপোনালোকে কল্পনা কৰকছোন পৰিবহণ খণ্ডত ৩০ শতাংশ সক্ষমতা বৃদ্ধি হোৱা মানে কি সূচাইছে। জিএছটিৰ বাবেই ইমান বৃহৎ পৰিৱৰ্তন সম্ভৱ হৈছে।

 মোৰ শ্ৰদ্ধাৰ দেশবাসী, বিমুদ্ৰাকৰণৰ ফলত আজি বেংকসমূহলৈ ধন আহিছে। বেংক নিজৰ সুদৰ হাৰ কম কৰিছে। মুদ্ৰাৰ জৰিয়তে দেশৰ সাধাৰণ লোকসকলে বেংকৰ পৰা ধন লাভ কৰিছে। দুখীয়া লোকসকলেও স্বাৱলম্বনৰ সূযোগ লাভ কৰিছে। দুখীয়া অথবা মধ্যবিত্ত শ্ৰেণীৰ ঘৰ বনাব বিচৰা লোকসকলক বেংকে কম সুদৰ হাৰেৰে সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে। ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ অৰ্থনীতিয়ে এক নতুন গতি লাভ কৰিছে।

 মোৰ শ্ৰদ্ধাৰ দেশবাসী, এতিয়া সময় পৰিৱৰ্তন হৈছে। আমি বৰ্তমান একবিংশ শতিকাত বাস কৰিছোঁ। বিশ্বৰ ভিতৰতে সৰ্বাধিক যুৱশক্তি আমাৰ দেশত আছে। বিশ্বত আমাৰ চিনাকী তথ্য-প্ৰযুক্তি তথা ডিজিটেল ৱৰ্ল্ডৰ ক্ষেত্ৰখনৰ জৰিয়তে হৈছে। আমি সেই পুৰণা চিন্তাধাৰাৰ মাজেৰে চলিলে জানো হ’ব? এটা সময়ত চামৰাৰ মুদ্ৰা চলিছিল, লাহে লাহে লুপ্ত হৈ গ’ল, সোধোতা কোনো নাছিল। আজিৰ যি কাগজী নোট, সেয়াও সময়ৰ লগে লগে ডিজিটেল মুদ্ৰালৈ সলনি হ’ব। আমি নেতৃত্ব ল’ব লাগিব, আমি দায়িত্ব ল’ব লাগিব, ডিজিটেল লেনেদেনৰ দিশ গতি কৰক। আমি BHIM APP আৰম্ভ কৰি ইয়াৰ আৰ্থিক লেনদেনৰ অংশ কৰি ল’লোঁ। ডিজিটেল লেনদেন ক্ৰমান্বয়ে বৃদ্ধি হৈ অহাৰ বাবে মই সুখী হৈছোঁ। যোৱা বছৰৰ ৩৪ শতাংশৰ তুলনাত বৰ্তমান ৪৪ শতাংশ বৃদ্ধি পাইছে। এতিয়া আমি কম নগদ লেনদেনৰ দিশে গতি কৰিব লাগিব।

 মোৰ শ্ৰদ্ধাৰ দেশবাসী, চৰকাৰে আজি এনে কিছুমান আঁচনি গ্ৰহণ কৰিছে, যাৰদ্বাৰা দুখীয়া লোকসকলেও দুই-এপইচা ৰাহি কৰিব পাৰে। আপুনি যদি এলইডি বাল্ব লগায়, তেন্তে বছৰটোত এহাজাৰৰ পৰা পাঁচ হাজাৰ পৰ্যন্ত ৰাহি কৰিব পাৰিব। যদি আপুনি স্বচ্চ ভাৰত অভিযানক সফল কৰি তোলে, তেন্তে দুখীয়া লোকসকলৰ ঔষধ নামত খৰচ হোৱা অতি কমেও ৭ হাজাৰ টকা ৰাহি কৰিব পাৰিব। মুল্যবৃদ্ধি নিয়ন্ত্ৰণ, আপোনাৰ বৰ্ধিত খৰচৰ পৰিমাণ কমি, আপুনি এক বুজন পৰিমাণৰ ধন জমা কৰিব পাৰিব।

 জন ঔষধি দোকানত উপলব্ধ কম ব্যয়ৰ ঔষধ দুখীয়া লোকসকলৰ বাবে এক বৃহৎ আশীৰ্বাদস্বৰূপ। ইয়াত অপাৰেচন আৰু stentৰ বাবে প্ৰয়োজনীয়া খৰচো তেনেই নগন্য। অনাগত দিনত আঠুৰ অপাৰেচনৰ সকলো সুবিধা উপলব্ধ হ”ব। দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ খৰচ কম কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈ আহিছোঁ।

 আগতে দেশৰ ৰাজ্যসমূহৰ মুখ্য চিকিৎসালয় সমূহতহে Dialysis কৰা হৈছিল। কিন্তু আমি ভাৰতৰ জিলা কেন্দ্ৰসমূহতো Dialysisৰ সুবিধা উপলব্ধ কৰোঁৱাৰ সিদ্ধান্ত লৈছোঁ। প্ৰায় চাৰে তিনিশ, চাৰিশ জিলাত এই বিনামুলীয়া Dialysis ৰ সুবিধা আগবঢ়োই দুখীয়া লোকসকলৰ জীৱন ৰক্ষাৰ কাম কৰি থকা হৈছে।

 আজি দেশে গৌৰৱ কৰিব পাৰে যে আমি বিশ্বৰ সন্মুখত নিজৰ অৰ্থব্যৱস্থাক বিকশিত কৰিছোঁ। GPS System ৰ দ্বাৰা NAVIC Navigation ৰ ব্যৱস্থা কৰাত আমি সফল হৈছোঁ। আমি SAARC Satellite ৰ দ্বাৰা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহক সহায় কৰাত সফল হৈছোঁ।

 আমি ‘তেজছ’ যুদ্ধ বিমানৰ দ্বাৰা আজি বিশ্বত আমাৰ গুৰুত্ব বৃদ্ধি কৰিছোঁ। ‘BHIM-AADHAR App’ বিশ্বৰ Digital Transactionৰ ক্ষেত্ৰখনত এক অন্যতম এপ হিচাপে পৰিগণিত হৈছে। ভাৰতত RuPay Card সংখ্যা কোটি কোটি। যেতিয়া এই সকলোবোৰ কাৰ্যক্ষম হ’ব, তেতিয়া বিশ্বৰ ভিতৰতে অদ্বিতীয় হৈ পৰিব।

 মোৰ শ্ৰদ্ধাৰ দেশবাসী, সেইবাবে সময় থাকোতেই আপোনালোক সকলোৱে ‘নতুন ভাৰত’ৰ সংকল্প লৈ আগবাঢ়ক। আমাৰ শাস্ত্ৰতো উল্লেখ আছে-अनियत काल:, अनियत कालः प्रभुतयो विप्लवन्ते, प्रभुतयो विप्लवन्ते। অৰ্থাৎ সময়মতে যদি কোনো কাম সম্পূৰ্ণ কৰা নহয়, তেতিয়া হ’লে ইপ্সিত ফল কেতিয়াও পোৱা নাযায়। সেইবাবে, ‘Team India’ৰ বাবে তথা ১২৫ কোটি ভাৰতীয়ৰ বাবে আজি আমি ২০২২ৰ ভিতৰত “নতুন ভাৰত” গঢ়াৰ সংকল্প ল’ব লাগিব আৰু এই কাম আমি নিজে কৰিম, আনৰ কৰিব বুলি ভাবি থাকিলে নহ’ব। দেশৰ বাবে কৰিম, আৰম্ভণিৰে পৰা ভালকৈ কৰিম, আগতকৈ বেছিকৈ কৰিম, সমৰ্পিত মনোভাৱেৰে কৰিম, ২০২২ চনত এখন ‘ভব্য-দিব্য’ ভাৰতবৰ্ষ নিৰ্মাণৰ লক্ষ্যৰে কৰিম।

 আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত দুখীয়াসকলৰো এটা পকী ঘৰ, বিদ্যুৎ আৰু পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী থাকে।

 আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত দেশৰ কৃষকসকলে চিন্তামুক্ত ভাৱে শুব পাৰে। আজি যিমান উপাৰ্জন কৰিছে, ২০২২ত তাতকৈ দুগুন আয় কৰিব।

 আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত যুৱক-যুৱতী, মহিলাই নিজৰ সপোন পুৰণ কৰাৰ বাবে অফুৰন্ত সুবিধা থাকে।

 আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত আতংকবাদ, সাম্প্ৰদায়িকতা আৰু জাতিভেদৰ পৰা মুক্ত হয়।

 আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত দুৰ্নীতি আৰু ভাতৃঘাটী সংঘৰ্ষৰ সৈতে কোনো মোকাবিলা নহয়।

 আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, যিখন স্বচ্চ, সুস্বাস্থ্য আৰু স্বৰাজৰ সপোন পুৰণ কৰে।

 সেইবাবে মোৰ শ্ৰদ্ধাৰ দেশবাসী, আহক আমি সকলোৱে মিলি বিকাশৰ গতিক আৰু অধিক আগুৱাই নিয়াৰ বাবে প্ৰয়াস কৰোঁ।

স্বাধীনতাৰ ৭০ বছৰৰ পাছত, স্বাধীনতাৰ ৭৫ বছৰৰ অপেক্ষাৰ মাজৰ এই গুৰুত্বপূৰ্ণ পাঁচ বছৰত এখন “দিব্য-ভব্য ভাৰত”ৰ সপোন লৈ আমি সকলোৱে আগবাঢ়োঁ আহক, এই আহ্বানেৰে স্বাধীনতাপ্ৰেমীসকলক প্ৰণাম জনাইছোঁ।

 ১২৫ কোটি ভাৰতীয়ৰ নতুন বিশ্বাস, নতুন উচাহক প্ৰণাম জনাইছোঁ আৰু নতুন সংকল্পৰে আগুৱাই যোৱাৰ বাবে ‘টীম ইণ্ডিয়া’ক আহ্বান জনাইছোঁ।

 এই আশাৰে আপোনালোক সকলোকে বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ।

 

ভাৰত মাতা কী জয়, বন্দে মাতৰম, জয় হিন্দ।

ভাৰত মাতা কী জয়, বন্দে মাতৰম, জয় হিন্দ।

জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ।

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম।

 

সকলোকে বহুত বহুত ধন্যবাদ।

***

AKT/VLK/AK/HJ/NS/Mamta/Tara/SA/Manisha/Rangman/Manoranjan/Diganta