independenceday-2016

Press Information Bureau

Government of India

Special Service and Features

ক্ষীপ্ৰ অৰ্থনৈতিক উন্নয়নৰ বাবে মঞ্চ বিন্যাস

Posted On :14, August 2017 12:06 IST

কে. আৰ সুধামান

১৮ শতিকাৰ বিশ্বৰ সমগ্ৰ মুঠ ঘৰুৱা উত্পাদনৰ ২৩ শতাংশই অধিকাৰ কৰিছে আৰু বিগত দুটা দশকৰ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পিছত নিজৰ উত্তৰণ ঘটাবলৈ সমৰ্থ হৈছে। কিন্তু ১৯৪৭ চনৰ পৰা আজি বিশ্বৰ এক বৃহত্ উত্তৰণশীল অৰ্থনৈতিক দেশ হিচাপে প্ৰসিদ্ধ হ’বলৈ ভাৰতে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিবলগীয়া হৈছে। আজি স্বাধীনতাৰ ৭০ বছৰৰ পিছত ভাৰতে ইয়াৰ দূৰদৰ্শী নেতাসকলৰ পাৰদৰ্শিতাৰ বাবে উন্নতিৰ শিখৰ স্পৰ্শ কৰিব পাৰিছে।

     নৰেন্দ্ৰ মোডীৰ অধীনত চৰকাৰখনে দেশখনক বিগত তিনিটা বছৰত আৰ্থ সামাজিক উন্নয়নত যথেষ্ট আগুৱাই গৈছে। এই উন্নয়নত দেশৰ জনতাৰ ৬৫ শতাংশই ৩৫ বছৰ বয়সৰ অনুৰ্ধৰ।

     প্ৰাৰম্ভিক পৰ্যায়ত ভাৰত এক সংকুচিত পৰ্যায়ত আছিল আৰু সেয়ে উত্তৰণৰ পৰ্যায়ও মৌলিক আছিল। স্বাধীনতাৰ সময়ত ভাৰতৰ অৰ্থনীতিত এক প্ৰৱল ধুমুহা চলি আছিল, বিশেষকৈ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত। সেই সময়ৰ ৰাজনৈতিক নেতাসকলৰ দৰ্শনে ভাৰতৰ অৰ্থনীতিক এক মিশ্ৰিত অৰ্থনীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

     ভাৰতে কেতিয়াও অত্যাধিক সামাজিকীকৰণ যেনে চীন অথবা ছোভিয়েট ইউনিয়নৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল। মিশ্ৰিত অৰ্থনীতিৰ ফলতে ভাৰতে সেই সময়ৰ বিশ্ব অৰ্থনীতিৰ ধুমুহাত নিজকে স্থিৰ কৰি ৰাখিব পাৰিছিল। এই পৰিৱৰ্তন তেতিয়ালৈকে মসৃণ আছিল যেতিয়া ১৯৯১ চনত  ভাৰতে সামাজিক বিন্যাসৰ পৰা  মুক্ত বজাৰ অৰ্থনীতিলৈ গমন কৰিছিল। ১৯৯০ চনত পূব এছিয়ান মুদ্ৰা সংকট তথা ২০০৮ চনৰ বিশ্ব অৰ্থনৈতিক সংকটৰ সময়তো ভাৰতে নিজকে অক্ষত ৰাখিবলৈ সমৰ্থ হৈছিল।

     খাদ্য আমদানি কৰা দেশৰ পৰা আৰম্ভ কৰি আজি ভাৰতে খাদ্য ৰপ্তানি কৰা দেশ হিচাপে পৰিগণিত হৈছে। আনকি ই থাইলেণ্ডক অতিক্ৰমি বিশ্বৰ সবাতোকৈ চাউল ৰপ্তানি কৰা দেশ হিচাপে পৰিগণিত হৈছে। আজি ভাৰত গাখীৰ, চেনী, ফলমূল, শাক-পাচলি আদি উত্পাদনৰ ক্ষেত্ৰত সৰ্বাধিক উত্পাদনকাৰী দেশ হিচাপে প্ৰসিদ্ধ হোৱাৰ উপৰিও ৰবৰ, কপাহ, চাহ, কফি আদি উত্পাদনৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। অভিলেখসংখ্যক উত্পাদন কৰা স্বত্বেও আজি দেশৰ কৃষকসকল বিভিন্ন সমস্যা যেনে ঋণৰ বোজা, শস্য নষ্ট আদি সমস্যাত ভুগিবলগীয়া হৈছে। পূৰ্বৰ চৰকাৰে কৃষকসকলৰ সমস্যা লাঘৱ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। বহু খিনি কাম কৰা হৈছিল যদিও বহু কাম কৰিবলৈ বাকী থাকি গ’ল। বৰ্তমান মোডী চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যাতে গ্ৰামীণ ভাৰতেও উন্নতি কৰিব পাৰে। সেই বাবে বিগত তিনিটা বৰ্ষত ভাৰতৰ কৃষি ক্ষেত্ৰই যথেষ্ট অগ্ৰগতি কৰিছে। চৰকাৰে গ্ৰহণ কৰা স্মাৰ্ট চিটী প্ৰকল্পৰ দৰে কৃষি ক্ষেত্ৰতো গ্ৰহণ কৰা বিভিন্ন আঁচনি যেনে জন ধন যোঁজনা আৰু ডিজিটেল ইণ্ডিয়া আদিয়ে এই খণ্ডক উপকৃত কৰাৰ লগতে কৃষিৰ বিভিন্ন প্ৰযুক্তি, শস্যৰ বাচনি, সাৰ, বীজৰ গুণগততা, বতৰৰ পূৰ্বানুমান আদিতো কৃষকসকলক শিক্ষিত কৰিব পাৰিছে।

     বিত্তীয় সমাপনৰ উপৰিও স্কীল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্বচ্ছ ভাৰত আৰু মেক ইন ইণ্ডিয়া আদি কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ আৰ্থ-সামাজিক উন্নয়নক অগ্ৰগতি প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰৰ সৌৰ আৰু বায়ু শক্তিৰ ১.৭৫ GW স্বচ্ছ ইন্ধন কাৰ্যসূচী স্থাপন উন্নয়নৰ উপৰিও পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰখাত সহায় কৰিব। ইয়ে এয়া নিশ্চিত কৰিব যে অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত শীৰ্ষত আৰোহণ কৰিব আৰু বিশ্ব অৰ্থনীতিত উজলি উঠিব। এয়া সত্য প্ৰমাণিত হৈছে যে  এই বৰ্ষত বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাইছে আৰু  অভিলেখসংখ্যত ৬০ বিলিয়ন ডলাৰলৈ তৰংগায়িত হৈছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতি চীন তথা উন্নত দেশসমূহ সমায়িত হোৱাৰ মুহূৰ্ততে বিদেশী বিনিয়োগকাৰীসকলে ইয়াত লাভৰ মুখ দেখিছে।

     গ্ৰামীণ পথ কাৰ্যসূচী, শীতলীকৰণ ভঁৰাল উন্নয়ন কাৰ্যসূচীয়ে খাদ্য সংসাধনত ১০০ শতাংশ এফডিআইৰ অনুমোদন জনাইছে, বন্দৰ আৰু বিমান বন্দৰৰ উন্নয়ন, ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰ্যসূচী, সাগৰমালা প্ৰকল্পই বন্দৰীয় পৰিবহণত উত্সাহ প্ৰদান কৰিছে, অন্তঃৰ্দেশীয় জলপথ প্ৰকল্প আদিয়ে নিয়োজন সৃষ্টি কৰাৰ উপৰিও অৰ্থনৈতিক উন্নয়নো কৰিছে। ১০০ খন স্মাৰ্ট চিটীৰ নিৰ্মাণে নগৰ অঞ্চলৰ উন্নয়নো কৰিব, চৰকাৰে গ্ৰহণ কৰা মেট্ৰ’ ৰে’লৰ প্ৰকল্পই নগৰাঞ্চলৰ পৰিবহণ ব্যৱস্থাৰ উত্তৰণ বৃদ্ধি কৰিছে।

     শক্তিশালী মৌলিক মেক্ৰ’ -অৰ্থনৈতিক লগতে ৰাজকোষৰ ঘাটি তথা স্থিৰ মুদ্ৰাস্ফীতি তথা বিভিন্ন আন্তঃগাঁথনিৰ নৱ উন্মেষ যেনে পণ্য আৰু সেৱা কৰ আদিৰ অন্তৰ্ভুক্তিয়ে দেশৰ অৰ্থনীতিক উন্নয়নৰ মাত্ৰা প্ৰদান কৰিছে। বিমূদ্ৰাকৰণ আৰু জিএছটিৰ ফলত দেশত অৰ্থনীতি কিছুসময়ৰ বাবে স্থবিৰ হৈ পৰিছিল যদিও মোডী চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসে ভাৰতৰ অৰ্থনীতিত এক দূৰদৰ্শী প্ৰভাৱ পেলালে। ইয়াৰ দ্বাৰা এয়াও নিশ্চিত হ’ল যে ভাৰত এক দুৰ্নীতি মুক্ত অৰ্থনীতিৰ পিনে অগ্ৰসৰ হৈছে। ডিজিটাইজেছনৰ জৰিয়তে ব্য়ৱসায়-বাণিজ্যও সহজ হৈ পৰিল আৰু ইয়াৰ জৰিয়তে অৰ্থনৈতিক পৰিক্ৰমাও বৃদ্ধি পালে তথা নিয়োজনৰো সৃষ্টি হ’ল। এই অভুতপূৰ্ব সংস্কাৰে ভাৰতৰ উন্নয়নত এক প্লেটফৰ্ম নিৰ্মাণ কৰিছে।

·         ৪০ বছৰীয়া সাংবাদিতকতাৰ অভিজ্ঞতাৰে পুষ্ট কে আৰ সুধামান প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সম্পাদক, টিকাৰ নিউজ আৰু ফিনান্সিয়েল ক্ৰনিকেলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰৱন্ধত উল্লিখিত মন্তব্যসমূহ লেখকৰ নিজা।

 

 

MANN