ভি. শ্ৰীনিবাস
১৯৩৫ চনত দেশৰ কেন্দ্ৰীয় বেংক হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠান হয়। ঘুৰণীয়া মেজমেলৰ প্ৰথমখন উপ-সমিতিতে কোৱা হৈছিল যে এই বেংক প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিব-ৰিজাৰ্ভ বেংকে নোট আৰু বিনিময়ৰ ব্যৱস্থাপনা বিশ্বাসযোগ্যতাৰ বহন কৰিব। চাৰ অছবৰ্ণ স্মিথক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী গবৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয়। ৰিজাৰ্ভ বেংকত স্মিথক গবৰ্ণৰ হিচাপে দিয়া এই নিযুক্তি জৰিয়তে বেংক অৱ ইংলেণ্ডক বিশ্বাস জন্মোৱা হৈছিল, যাতে তেওঁলোকে বিনাদ্বিধাই সহায় পাব পাৰে। চৰকাৰে আৰবিআইক দমন কৰাৰ চেষ্টা কৰাৰ বাবে ১৯৩৬ত চাৰ অছবৰ্ণ স্মিথে গবৰ্ণৰ পদৰ পৰা অব্যাহতি লয়। স্বাভাবিক বিসংগতিজনিত কাৰকৰ উপৰি স্মিথে অব্যাহতি লোৱাৰ আন কাৰণবোৰ আছিল তেওঁ আৰু বিত্তীয় সদস্যসকলৰ মাজত বেংকৰ নিম্ন হাৰ তথা বেংকৰ বিনিয়োগ ব্যৱস্থাপনা।
১৯৪৩ চনৰ ১১ আগষ্টত ৪৭ বছৰ বয়সতে চাৰ চি.ডি. দেশমুখ(আইচিএচ) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথমগৰাকী ভাৰতীয় গবৰ্ণৰ হিচাপে নিযুক্তি প্ৰদান কৰে। ১৯৪৪ চনত তেওঁ ব্ৰেটন উদ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংক গঠন হৈছিল। ভাৰত এই সন্মিলনত প্ৰাথমিক সদস্য হিচাপে যোগদান কৰিছিল। ইয়াৰ পাছতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয় আৰু ৰাজহুৱা স্বত্ত্বাধিকাৰৰ অধীন হয়। ১৯৪৯ চনত ১ জুলাইত চাৰ বেনেগাল ৰাম ৰাওক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰ হিচাপে নিযুক্তি দিয়া হয়। ১৯৫১ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৯৩৫ চনৰ পৰা চলি থকা সুদৰ হাৰ ৩ শতাংশ পৰা ৩.৫ শতাংশলৈ বৃদ্ধি কৰে। ১৯৫৬ চনৰ ১২ ডিচেম্বৰত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিত্ত বিধেয়ক সন্দৰ্ভত গবৰ্ণৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালয়কলৈ দিয়া এখন স্মাৰক পত্ৰক লৈ গবৰ্ণৰ চাৰ বেনেগাল ৰামা ৰাওলৈ পত্ৰ লিখে। প্ৰধানমন্ত্ৰীয়ে কয়, “মই স্মাৰক পত্ৰখনি পঢ়ি আচৰিত হ’লে। স্মাৰক পত্ৰখনিত উল্লেখ থকা বিষয়বস্তুখিনিৰ বাদে গোটে দৃষ্টিভংগী অনুপযুক্ত বুলি মোৰ বোধ হৈছে। যদি মই কওঁ এয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰোশমুলক দৃষ্টিভংগী।...মুদ্ৰানীতি চৰকাৰৰ এক বৃহত্তৰ নাতিৰ ওপৰত নিৰ্ভৰশীল, যাৰ দ্বাৰা চৰকাৰে কাম কৰে। এনে বৃহৎ নীতিৰ বাবে ৰিজাৰ্ভ বেংকে পৰামৰ্শ দিব পাৰে। কিন্তু ই কেতিয়াও চৰকাৰৰ মুল উদ্দেশ্য আৰু নীতি প্ৰতি প্ৰত্যাহ্বান হ’ব নালাগে। ১৯৫৭ চনৰ ৭ জানুৱাৰীত চাৰ বেনেগাল ৰাম ৰাৱে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গবৰ্ণৰ হিচাপে পদত্যাগ কৰে।”
১৯৬৬ চনৰ জুলাইত প্ৰতিযোগিতামুলক ৰপ্তানি বৃদ্ধিৰ বাবে বৈশ্বিক মুল্যৰ তুলনাক টকাৰ ঘৰুৱা মুল্য ৩৬.৫ শতাংশ হ্ৰাস কৰা হয়। সেই অনুসৰি প্ৰতি মাৰ্কিন ডলাৰত পূৰ্বৰ ৪.৭৫ৰ পৰিৱৰ্তে ৭.৫০ টকা আৰু পাউণ্ড ষ্টাৰ্লিং ১৩.৩৩ ৰ পৰা ২১ লৈ বৃদ্ধি কৰা হয়। তাৰ পাছতে চৰকাৰে পৰিকল্পিত বন্ধৰ তালিকা প্ৰস্তুত কৰে। ১৯৬৯ৰ জুলাইত বেংকিং কোম্পানী(অধিগ্ৰহণ আৰু দায়িত্ব হস্তান্তৰ) অধ্যাদেশ, ১৯৬৯ৰ অধীনত ১৪টা সূচীভুক্ত বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰে। ইয়াৰ পাছত ১৯৭৬ চনত আঞ্চলিক গ্ৰামীণ বেংক বিধেয়ক গৃহীত কৰি গ্ৰামীণ ঋণ বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। ইয়াৰ পাছত ৰাজ্যিক, আঞ্চলিক আৰু গ্ৰাম্যভিত্তিক বাণিজ্যিক বেংকক আঞ্চলিক গ্ৰামীণ বেংকৰ অধীনস্থ বুলি গণ্য কৰা হয়।
১৯৭৯-৮০ত বেলেন্স অৱ পেমেণ্টৰ পৰিস্থিতিৰ নাটকীয় পৰিৱৰ্তন ঘটে। মদ্ৰাস্ফীতি ৩ৰ পৰা ২২ শতাংশলৈ বৃদ্ধি পায় আৰু বৈদেশিক বাণিজ্যৰ শোচনীয়ভাৱে নিম্নগামী হয়। ভাৰতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ৫ বিলিয়ন মুল্যৰ ঋণ বিচাৰিলে। ভাৰতে ঋণ লৈ দুবছৰৰ ভিতৰতে ঋণ লোৱাৰ বাবে কৰিবলগীয়া সকলো কাম সম্পন্ন কৰে। তিনি বছৰৰ পাছত ভাৰতে ৫ বিলিয়ন ঋণৰ ৩.৯ বিলিয়ন লাভ কৰে আৰু ১.১ বিলিয়ন ধন মজুত থাকিল। ১৯৯০ চনত ভাৰত পুনৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হয়।
১৯৯১ চনৰ ২৭ আগষ্টত বিত্ত মন্ত্ৰীয়ে আইএমএফৰ পৰিচালন সঞ্চালকক ১৬৫৬ নিযুত মল্যৰ সমান ১৮ মহীয়া এক ষ্টেণ্ড-বাই ব্যৱস্থাপনা প্ৰদান কৰে। ভাৰত চৰকাৰৰ হৈ ১৯৯১/৯২ আৰু ১৯৯২/৯৩ সময়সীমাৰ এক অৰ্থনৈতিক নীতি স্থাপনৰ উদ্দেশ্যে অৰ্থনৈতিক কাৰ্যসূচীৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াত উল্লেখ কৰে যে চৰকাৰে এক ব্যাপক ৰচনাত্মক সমাযোজন কাৰ্যসূচীত শুভাৰম্ভ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে, যি বিস্তৃত পুঁজি সুবিধাৰ অধীনত এক ব্যৱস্থাৰ সমৰ্থন কৰে।
১৯৯৭ চনৰ নৱেম্বৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে এছিয়াৰ মুদ্ৰা সংকটৰ প্ৰত্যাহ্বান সন্মুখীন হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে উৎপাদশীলতা খণ্ডত ঋণৰ উপলব্ধতাত কোনো প্ৰভাৱ নপৰাকৈ অতিৰিক্ত তাৰল্যতা অব্যাহত ৰখাৰ লক্ষ্যৰে এলানি ধাৰাবাহিক ব্যৱস্থা আৰম্ভ কৰে। চলিত একাণ্টত পুৰাদ্যোমে টকাৰ সলনি হৈছিল। ২০০০-২০০৮ৰ সময়ছোৱাত ভাৰতীয় ৰিজাৰ্ভ বেংকে সফলতাৰে বেংকি ব্যৱস্থাৰ নিয়ন্ত্ৰণ কৰে। ৰিজাৰ্ভ বেংকে বিত্তীয় খণ্ডৰ ভুল শুদ্ধৰোৱাৰ বাবে আধূনিক দেনা আৰু নিষ্পত্তি পদ্ধতিৰ গ্ৰহণ কৰে। তদুপৰি ৰিজাৰ্ভ বেংকে একাধিক বেংকৰ বিৰুদ্ধে কেতবোৰ শাস্তিমুলক ব্যৱস্থাও হাতত লয়। ৰিজাৰ্ভ বেংকে লগতে একাংশ দুৰ্বল বেংকক আৰ্থিকভাৱে সবল বেংকৰ সৈতে একেলগ কৰি এইটো নিশ্চিত কৰে যে সেইসময়ত কোনো ব্যক্তিগত বেংক নাছিল, যি ৰিজাৰ্ভ বেংকৰ উপযুক্ত মুলধনী প্ৰয়োজনীয়তা পুৰণ কৰিব পাৰিছিল। ১৯৩৫ চনৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰী নীতি আৰু অৰ্থনৈতিক চিন্তাধাৰাৰ ক্ষেত্ৰত সদায়ে আগৰণুৱা। এই ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী প্ৰতিষ্ঠান হিচাপে দেশক প্ৰতিনিধিত্ব কৰে।
…….
· ভি. শ্ৰীনিবাসে ১৯৮৯ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান ৰাজস্থান কৰ বোৰ্ড, আজমেৰৰ অধ্যক্ষ হিচাপে কাৰ্যনিবাহ কৰি আছে। এই প্ৰৱন্ধত উল্লিখিত সকলো মতামত তেওঁৰ ব্যক্তিগত চিন্তাধাৰা।.
|