Responsive image

Press Information Bureau

Government of India

Prime Minister's Office

দেশবাসীৰ নামত ‘ষ্টেচু অৱ ইউনিটী’ উচৰ্গা কৰিলে প্ৰধানমন্ত্রীয়ে

Posted On :31, October 2018 18:52 IST

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বৰ সর্বোচ্চ প্ৰতিমূর্তি ষ্টেচু অৱ ইউনিটীদেশবাসীৰ নামত উৎসর্গা কৰে৷

গুজৰাটৰ নর্মদা জিলাৰ কেভাডিয়াত চর্দাৰ বল্লভ ভাই পেটেলৰ জন্মবার্ষিকীত ১৮২ মিটাৰ উচ্চতাৰ এই প্ৰতিমূর্তিটো দেশবাসীৰ নামত উৎসর্গা কৰা হয়।

প্ৰতিমূৰ্তি উদ্বোধনৰ পাছতষ্টেচু অৱ ইউনিটী দেশবাসীৰ প্ৰতি উৎসর্গা কৰি প্ৰধানমন্ত্রী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে স্মাৰক হিচাপে নর্মদা নদীৰ পানী আৰু মাটিৰে এটি কলহ পূর্ণ কৰে৷ প্ৰধানমন্ত্রীয়ে এটি লিভাৰ টিপি পেটেলৰ প্ৰতিমূর্তিটোৰ আনুষ্ঠানিক উন্মোচন কৰে৷

প্ৰধানমন্ত্ৰীয়ে এখন একতাৰ দেৱালো উদ্বোধন কৰে৷ প্ৰধানমন্ত্রীয়েষ্টেচু অৱ ইউনিটী সমীপতে এক বিশেষ প্রার্থনা সভাতো অংশ গ্ৰহণ কৰে৷ তেওঁ সংগ্ৰহালয়, প্ৰদর্শনী আৰু দর্শকৰ বাবে নির্ধাৰিত গেলাৰী পৰিদৰ্শন কৰে৷ ১৫৩ মিটাৰ উচ্চতাত নিৰ্মিত এই গেলাৰীত ২০০গৰাকী দৰ্শক একেলগে বহাৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ পৰা চৰ্দাৰ সৰোবৰ বান্ধ, ইয়াৰ জলভাণ্ডাৰ আৰু সাতপুৰা আৰু বিন্ধ পৰ্বতমালাও চাব পাৰিব দৰ্শকসকলে৷

প্ৰতিমূর্তি উৎসর্গা অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানেৰে ফ্লাইপাষ্টৰ জৰিয়তে শ্ৰদ্ধা জনোৱাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

অনুষ্ঠানত দেশবাসীক শুভেচ্ছা জনাই প্ৰধানমন্ত্রীয়ে কয় যে আজি সমগ্ৰ দেশে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰিছে।

তেওঁ কয় যে আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ এক বিশেষ ক্ষণ৷ তেওঁ কয় যে এই ষ্টেচু অৱ ইউনিটীৰ জৰিয়তে ভাৰতে প্ৰগতিশীল ভৱিষ্যতৰ বাবে নিজে নিজকে উদ্বুদ্ধ কৰিছে৷ এই প্ৰতিমূর্তিয়ে ভৱিষ্যৎ প্ৰজন্মক চর্দাৰ পেটেলৰ আদর্শ, ক্ষমতা আৰু সাহসিকতা সম্পর্কে স্মৰণ কৰাব৷ প্ৰধানমন্ত্রীয়ে কয় যে চর্দাৰ পেটেলে যি ঐক্যবদ্ধ ভাৰত গঢ়ি তুলিছিল, তাৰ ফলশ্রুতিতেই দেশ বর্তমান অর্থনৈতিক আৰু কৌশলগত দিশত ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে।

প্ৰধানমন্ত্রীয়ে প্ৰশাসনিক কাম-কাজত চর্দাৰ পেটেলৰ চিন্তাধাৰাৰ কথাও স্মৰণ কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে এই ষ্টেচু অৱ ইউনিটী গঢ়ি তোলাৰ বাবে যিসকল কৃষকে তেওঁলোকৰ ভূমি আৰু লোহা দিছে-এই মূর্তি তেওঁলোকৰ আত্মসন্মানৰ প্ৰতীক। এক ভাৰত, শ্রেষ্ঠ ভাৰত’-এই মন্ত্রৰ জৰিয়তে ভাৰতৰ তৰুণ প্ৰজন্মৰ মাজত দেশপ্রেম জগাই তুলিব পৰা যায়। এই প্ৰতিমূর্তি নির্মাণৰ কামত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জনায়৷ প্ৰতিমূর্তি নির্মাণ হোৱাৰ ফলত এই অঞ্চলত পর্যটনৰ সুযোগ বৃদ্ধি পাব বুলিও তেওঁ মন্তব্য আগবঢ়ায়৷

প্ৰধানমন্ত্রীয়ে কয় যে বিগত বছৰসমূহত দেশৰ স্বাধীনতা সংগ্রামী আৰু মহান নেতাসকলৰ কৰ্মৰাজিৰ স্মৰণত কেইবাটাও স্মাৰক নির্মাণ কৰা হৈছে। ষ্টেচু অৱ ইউনিটীৰ উপৰি দিল্লীৰ সংগ্ৰহালয়টি চর্দাৰ পেটেলৰ নামতে উৎসর্গা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰেগান্ধীনগৰৰ মহাত্মা মন্দিৰ আৰু গান্ধী কুটীৰ, বাবাচাহেব ভীমৰাও আম্বেদকৰৰ নামত উচর্গিত পাঞ্চিৰণ, হাৰিয়ানাৰ ছটুৰামৰ প্ৰতিমূর্তি, কচ্ছত শ্যামাজী কৃষ্ণবর্মা আৰু ভীৰ নায়ক গোবিন্দ স্মাৰকৰ সন্দৰ্ভতো তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্রীয়ে কয় যে সুভাষ চন্দ্ৰ বসূৰ স্মৰণত দিল্লীত এটি সংগ্ৰহালয় নিৰ্মাণ আৰু মুম্বাইত শিৱাজীৰ প্ৰতিমূর্তি নিৰ্মাণৰ কাম চলি আছে৷ একেদৰে, দেশৰ বিভিন্ন স্থানত জনজাতীয় সংগ্ৰহালয় নির্মাণ কৰা হৈছে৷

প্ৰধানমন্ত্রীয়ে সুদৃঢ় আৰু শক্তিশালী ভাৰত গঠনত চর্দাৰ পেটেলৰ চিন্তাধাৰাৰ বিষয়ে অৱগত কৰে৷ তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে চর্দাৰ পেটেলৰ সপোন বাস্তবায়িত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে। এই ক্ষেত্ৰত সকলোৰে বাবে আৱাস, সকলোৰে বাবে বিদ্যুৎ, পথ যোগাযোগ, ডিজিটেল যোগাযোগৰ দৰে সুবিধাসমূহৰ কথা তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ কথাও উত্থাপন কৰে৷ তেওঁ কয় যে জিএছটি আৰু ই-নামৰ দৰে চৰকাৰী প্ৰচেষ্টাসমূহে বিভিন্নধৰণে দেশক ঐক্যবদ্ধ কৰাত সহায় কৰিছে।

প্ৰধানমন্ত্রীয়ে দেশ বিভাজন কৰিব পৰা সকলোধৰণৰ চেষ্টা বিফল কৰি দেশৰ একতা আৰু অখণ্ডতা ৰক্ষাত সকলোৰে দায়িত্ব আছে বুলিও উল্লেখ কৰে৷

*****

AKT/KP/SBP/DB