Responsive image

Press Information Bureau

Government of India

Prime Minister's Office

চৰ্দাৰ পেটেলৰ ১৪২ বছৰীয়া জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত একতাৰ দৌৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On :31, October 2017 10:33 IST

ভাৰত মাতাৰ জয়

চৰ্দাৰ চাহাব অমৰ হওক।

বিশাল মাত্ৰাত সমবেত হোৱা মোৰ মৰমৰ ভাৰতবাসী, আজি ৩১ অক্টোবৰ, চৰ্দাৰ পেটেলৰ ১৪২ বছৰীয়া জন্মজয়ন্তী। আজি ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰো পূণ্য তিথি। আজি সমগ্ৰ দেশে দেশৰ স্বাধীনতাৰ বাবে জীৱন অৰ্পণ কৰা চৰ্দাৰ চাহাৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

এই মহাপুৰুষজনাই ভাৰতৰ স্বাধীনতাৰ পিছত দেশত উদ্ভৱ হোৱা সংকটৰ সময়ত অতি কৌশলেৰে একতা অটুট ৰখাত সফল হৈছিল।ইংৰাজে এৰি থৈ যোৱাৰ পিছত দেশত যি যি বিভেদকামী শক্তিৰ উন্মেষ ঘটিছিল, সকলো মষিমূৰ কৰি অতি দৃঢ়তাৰে এখন ভাৰত গঢ়িছিল।চৰ্দাৰ বল্লৱভাই পেটেলৰ দূৰদৃষ্টিৰ কাৰণেই জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমাৰ নতুন প্ৰজন্মই এখন ভাৰতৰ নাগৰিক হোৱাৰ সুযোগ পালে। ইতিহাস খুচৰিলে দেখা যায় যে এনেহেন এজন মহাপুৰুষৰ নাম নোহোৱা কৰাৰো প্ৰচেষ্টা চলিল। চৰ্দাৰ চাহাৱক কোনোৱাই শাসনৰ গাদীত বহিবলৈ দিয়কেই বা নিদিয়ক, কোনো ৰাজনৈতিক দলে তেওঁৰ মাহাত্ম্যক স্বীকাৰ নকৰিলেও এই দেশৰ যুৱ প্ৰজন্মই তেখেতক নাপাহৰে।সেয়ে দেশৰ সেৱা কৰিবলৈ সুযোগ পাই আমি সমগ্ৰ দেশতে চৰ্দাৰ চাহাৱৰ জয়ন্তীক এক বিশেষ ৰূপ দিবলৈ চেষ্টা কৰিলো।সেয়ে আমি একতাৰ দৌৰ অভিযানৰ আৰম্ভণি কৰিলো।মই অতি সুখী যে যুৱ প্ৰজন্মই অতি আগ্ৰহেৰে ইয়াত অংশ লৈছে।   

এবাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ বাবুৱে কৈছিল যে আজি আমি ভাৰতৰ নাম উচ্চাৰণ কৰোতে যি অনুভৱ হয়, সেই অনুভৱ কেৱল চৰ্দাৰ বল্লৱভাই পেটেলৰ কাৰণেই সম্ভৱ হৈছে।আমি খুউৱ সোনকালে চৰ্দাৰ চাহাৱক পাহৰি গৈছিলো। আজি ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ চাহাৱৰ জন্মজয়ন্তী পালন কৰা দেখি ড০ ৰাজেন্দ্ৰ বাবুৰ আত্মাই নিশ্চয় সন্তুষ্টি লাভ কৰিব।ড০ ৰাজেন্দ্ৰ বাবুয়ে চৰ্দাৰ চাহাৱক সকলোৱে পাহৰি যোৱা দেখি দুঃখ প্ৰকাশ কৰিছিল।কোনোবাই পাহৰাবলৈ চেষ্টা কৰিলেও চৰ্দাৰ চাহাৱৰ আত্মা সৰ্বতো বিৰাজমান হৈ আছে।দেশৰ যুৱ প্ৰজন্মই আজি পুনৰ তেওঁক স্মৰণ কৰিছে, পুনৰ তেওঁৰ আদৰ্শৰদ্বাৰা অনুপ্ৰাণিত হৈছে।

ভাৰত বৈচিত্ৰৰে ভৰা দেশ আৰু বৈচিত্ৰৰ মাজত ঐক্য সদায়ে আমাৰ মূলমন্ত্ৰ হৈ আহিছে।কিন্তু যেতিয়ালৈকে সেই বৈচিত্ৰক আমি সন্মান নিদিওঁ, তাক লৈ গৰ্ব নকৰো, তেন্তে তাৰ মাজত একতা আহিলেও সি স্থায়ী হ’ব নোৱাৰে।দেশৰ ভৱিষ্যত নিৰ্মাণত আমি তাক ব্যৱহাৰ কৰিব নোৱাৰো।সকলো ভাৰতবাসীয়ে এটা কথা অতি গৰ্বৰে ক’ব পাৰো যে বিশ্বৰ সকলো ধৰ্ম, পন্থা, পৰম্পৰা আমাৰ দেশত আছে আৰু আমি সকলোকে আদৰি লৈছো। কিমান ভাষা, সংস্কৃতি, খাদ্যভ্যাস, ৰন্ধন প্ৰকৰণ, সাজ-পাৰ আমি উত্তৰাধিকাৰসূত্ৰে লাভ কৰিছো।আজি বিশ্বত এটা পন্থাই আন এক পন্থাক সহ্য কৰিব নোৱাৰাৰ দিনত আমি ভাৰতীয়সকল একেলগে আছো।আমি সকলোকে আদৰি লৈছো।এয়া আমাৰ ভৱিষ্যতৰ পথেয় হোৱা উচিত।আমি ভাৰতীয়সকলৰ মনত প্ৰেম ভাৱৰ অভাৱ হ’ব নালাগে।ভাতৃত্ববোধ থাকিব লাগিব।ইজনে সিজনৰ বাবে ত্যাগ স্বীকাৰ কৰাৰ প্ৰবৃত্তি আমাৰ আছে।আমি বাৰে বাবে একতাৰ মন্ত্ৰক আওঁৰাই থকাৰ প্ৰয়োজন আছে।বাৰে বাবে একতাৰ হকে জীয়াই থকাৰ সংকল্প লোৱাৰ প্ৰয়োজন আছে।

আমাৰ দেশ অতি বিশাল, প্ৰজন্ম সলনি হৈ থাকে।ইতিহাসৰ সকলো ঘটনা সকলোৰে সদায় মনত নাথাকে। সেয়ে ভাৰতৰ দৰে এখন বিশাল দেশত একতাৰ মন্ত্ৰ সদায় উচ্চাৰিত হৈ থকা অতি প্ৰয়োজন। ইয়াৰ ফলত দেশ শক্তিশালী হ’ব। চৰ্দাৰ চাহাৱে আমাক একতাৰ পথ দেখুৱাই থৈ গৈছে। সেয়ে তেখেতক স্মৰণ কৰাটো আমাৰ পবিত্ৰ কৰ্তব্য।এক কোটি ২৫ লাখ ভাৰতীয়ৰ ই নৈতিক দায়িত্ব। আজি ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ চাহাৱৰ জন্মজয়ন্তী পালন কৰিছো। আৰু আঠ বছৰৰ পিছত ১৫০  বছৰীয়া জয়ন্তী হ’ব।তেতিয়া দেশে বিশ্বত একতাৰ এক অভূতপূৰ্ব দৃষ্টান্ত দাঙি ধৰিব পাৰিব বুলি মোৰ বিশ্বাস।

২০২২ চনত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হ’ব। ভগত সিং, সুখদেৱ, ৰাজগুৰু, নেতাজী, মহাত্মা গান্ধী, চৰ্দাৰ পেটেল আদি অগণন দেশভক্তৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আমি একতাৰ সংকল্পৰে আগবাঢ়িম।২০২২ চনত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি সেই সংকল্পক হৃদয়ত স্থাপন কৰি ল’ম। সকলো ভাৰতীয়ই এই সংকল্প লোৱা উচিত আৰু তাক সফল কৰাৰ চেষ্টা হাতত লোৱা উচিত।এই সংকল্পই দেশৰ কল্যাণ সাধন কৰিব। ই এক সময়ৰ আহ্বান।
আপোনালোক ইমান বিশাল মাত্ৰাত সমৱেত হৈছে, আমি ইমান ভালদৰে চৰ্দাৰ পেটেলক স্মৰণ কৰিব পাৰিছো যে মোৰ খুউৱ ভাল লাগিছে। কেৱল ৰাষ্ট্ৰীয় একতা দিৱসৰ বাণীক আওঁৰোৱাই নহয়, তাক মনত ধাৰণ কৰি লওক।এতিয়া আপোনাৰ সোঁহাতখন আগলৈ কৰি মোৰ লগতে দোহাৰক যে মই সত্য, নিষ্ঠা আৰু একাগ্ৰতাৰে শপত লৈছো যে মই দেশৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ বাবে নিজকে সমৰ্পিত কৰিছো। আৰু সমগ্ৰ দেশবাসীৰ মাজত এই বাৰ্তা বিয়পাই দিয়ক।মই অতি নিষ্ঠাৰে, চৰ্দাৰ পেটেলক স্মৰণ কৰি, তেখেতৰ আদৰ্শৰে উদ্বুদ্ধ হৈ এই আন্তৰিক শপত লৈছো।

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

ভাৰত মাতাৰ জয়

বহুত বহুত ধন্যবাদ।

***



अतुल तिवारी, हिमांशु सिंह, ममता/PRK