Responsive image

Press Information Bureau

Government of India

Prime Minister's Office

জন্ম বাৰ্ষিকী উপলক্ষে চৰ্দাৰ পেটেললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি; প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে ‘একতাৰ বাবে দৌৰ’ কাৰ্যসূচীৰ

Posted On :31, October 2017 10:15 IST

চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে নতুন দিল্লীৰ পেটেল চ’কত থকা চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিত ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দ, উপ-ৰাষ্ট্ৰপতি শ্ৰী ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুষ্পাঞ্জলি অৰ্পন কৰে।

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মেজৰ ধ্যান চাঁদ ৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ পৰা “একতাৰ বাবে দৌৰ” শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশক একত্ৰিত কৰাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ বৰঙণিক ৰোমন্থন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উঠি অহা প্ৰজন্মক চৰ্দাৰ পেটেলৰ লগতে আমাৰ দেশ গঢ়াত তেওঁৰ বৰঙণিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ বৈচিত্ৰতাক লৈ গৌৰৱ কৰে আৰু “একতাৰ বাবে দৌৰ”ৰ দৰে কাৰ্যসূচীয়ে আমাৰ এই গৌৰৱক অধিক শক্তিশালী কৰাৰ লগতে একতাৰ ভাব পোষণ কৰাৰ সূযোগ দিয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁকো স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক শপত বাক্য পাঠ কৰোৱায়।

***


AKT/AK/DB