independenceday-2016

Press Information Bureau

Government of India

Prime Minister's Office

স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল দিশসমূহ

Posted On :15, August 2018 15:09 IST

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ৭২সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে৷ তেওঁৰ ভাষণৰ প্ৰধান দিশসমূহ তলত উল্লেখ কৰা ধৰণৰ

  • দেশ আজি সম্পূৰ্ণৰূপে আত্মবিশ্বাসী৷ সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ লক্ষ্যৰে দেশ এতিয়া কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িছে৷  
  • আমি স্বাধীনতাৰ এই উৎসৱ এনে এক সময়ত পালন কৰিছো, যেতিয়া আমাৰ উত্তৰাখণ্ড, হিমাচল, মণিপুৰ, টেলেংগনা আৰু অন্ধ্ৰ প্ৰদেশৰ কন্যাই সাত সাগৰ প্ৰদক্ষিণ কৰি উভতি আহিছে৷ আমাৰ ত্ৰিৰংগাক সাতখন সাগৰৰ বুকুত উত্তোলিত কৰি তেওঁলোক আমাৰ মাজলৈ উভতি আহিছে৷
  • দূৰ-দূৰণিৰ পাহাৰ অঞ্চলত বাস কৰা আমাৰ জনজাতীয় শিশুসকলে মাউণ্ট এভাৰেষ্টত ত্ৰিৰংগা উত্তোলন কৰি ইয়াৰ গৰিমা বৃদ্ধি কৰিছে৷
  • সমাজৰ দলিত শ্ৰেণী তথা শোষিত, নিষ্পেষিত, বঞ্চিত—সকলোৰে কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সংসদে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিছে৷
  • ’বিচি পৰিষদক সাংবিধানিক মৰ্যদা প্ৰদানৰ বাবে দীৰ্ঘদিনধৰি দাবী উত্থাপন হৈ আহিছিল৷ এইবাৰ আমাৰ সংসদে অ’বিচি পৰিষদৰ সাংবিধানিক মৰ্যদা অনুসৰি সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে৷
  • বানপানীত নিজৰ আত্মীয়-স্বজনক হেৰুওৱা অথবা ভীষণ সমস্যাৰ সন্মুখীন হোৱা লোকসকলক মই নিশ্চয়তা দিব বিচাৰো যে সমগ্ৰ দেশ আপোনালোকৰ সৈতে আছে আৰু আপোনালোকক সহায় কৰাৰ সকলো প্ৰচেষ্টা চলাই থকা হৈছে৷ নিজৰ আত্মীয়-স্বজনক হেৰুওৱাসকলৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷
  • অহা বছৰ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব৷ দেশৰ স্বাধীনতাৰ বাবে জনতাই নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু শোষণ-উৎপীড়নে চূড়ান্ত সীমা অতিক্ৰম কৰিছিল৷ জালিৱানৱালাবাগ কাণ্ডত আত্মবলিদান দিয়া বীৰসকলৰ সাহসে আমাক এতিয়াও অনুপ্ৰাণিত কৰে৷ মই অন্তৰৰ পৰা তেওঁলোকক প্ৰমাম জনাইছো৷
  • ভাৰত বিশ্বৰ ষষ্ঠ বৃহৎ অৰ্থনীতি হিচাপে চিহ্নিত হৈছে৷
  • সমগ্ৰ দেশবাসীৰ হৈ আজি মই দেশৰ সকলো বীৰ শ্বহীদক প্ৰণাম জনাইছো৷ দেশবাসীৰ সুৰক্ষাৰ বাবে আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ মহত্ত্ব তথা মৰ্যদা ৰক্ষাৰ বাবে আমাৰ সৈনিক, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে নিজৰ জীৱন ত্যাগ কৰি আছে৷
  • স্বাধীনতাৰ পাছত বাবা ছাহেব আম্বেদকাৰৰ নেতৃত্বত এখন অত্যন্ত সংহত সংবিধান প্ৰস্তুত কৰা হয়৷ এখন নতুন ভাৰত গঢ়াই আছিল ইয়াৰ প্ৰধান সংকল্প৷
  • ভাৰতবৰ্ষ সদায় আত্মনিৰ্ভৰশীল, শক্তিশালী হোৱা উচিত আৰু বহনক্ষম উন্নয়নৰ পথেৰে আগবঢ়া উচিত৷   
  • ১২৫কোটি ভাৰতীয়ৰ সপোন, কঠোৰ পৰিশ্ৰম আৰু আশা-আকাংক্ষা যেতিয়া একত্ৰিত হয়, তেতিয়া কোনো কথা অসম্ভৱ নহয়৷
  • ১২৫কোটি ভাৰতীয়ই ২০১৪ত চৰকাৰ গঠন কৰিয়েই ক্ষান্ত থকা নাই, তেওঁলোকে দেশখন অধিক উন্নত কৰিবলৈ নিৰন্তৰ প্ৰয়া চলাই আছে৷ এয়াই হৈছে ভাৰতৰ শক্তি৷
  • আপুনি যদি বিগত চাৰি বছৰৰ কামৰ এক বিশ্লেষণ কৰে, তেতিয়া আপুনি আচৰিত হ’ব যে দেশ এতিয়া কিমান দ্ৰুতগতিৰে প্ৰগতিৰ দিশত আগবাঢ়িছে৷.
  • ২০১৩ৰ গতিকে কাম কৰিলে ভাৰতক ১০০% মুকলিত শৌচমুক্ত দেশ হিচাপে গঢ়ি তোলা অথবা দেশৰ প্ৰতিটো প্ৰান্তক বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱা অথবা গ্ৰাম্য-নগৰ সকলোতে ৰন্ধন গেছ উপলব্ধ কৰোৱা আদিৰ বাবে এক শকিতা প্ৰয়োজন হ’লহেতেন৷ এই ধৰণৰ লক্ষ্যত উপনীত হ’বলৈ আমি দ্ৰুতগতিৰে আগবাঢ়িবই লাগিব৷
  • যোৱা চাৰি বছৰত দেশে বৃহৎ পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিছে৷ দেশ এতিয়া নতুন উৎসাহ-উদ্দীপনা আৰু সাহসেৰে প্ৰগতিৰ দিশ আগবাঢ়িছে৷ আজি ভাৰতবৰ্ষত পূৰ্বতকৈ দুগুণ  ৰাষ্ট্ৰীয় পথ আৰু চাৰিগুণ অধিক বাসগৃহ নিৰ্মাণ হৈ আছে৷
  • দেশে অভিলেখ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰিছে আৰু অভিলেখসংখ্যক মোবাইল ফোন নিৰ্মাণ কৰি আছে৷ ট্ৰেক্টৰৰ বিক্ৰীয়ে নতুন অভিলেখ স্পৰ্শ কৰিছে৷
  • স্বাধীনতাৰ পাছত দেশে সৰ্বাধিক পৰিমাণৰ বিমান ক্ৰয় কৰিছে৷
  • দেশত নতুন নতুন আইআইএম, আইআইটি আরু এইমছ স্থাপন হৈ আছে৷
  • সৰু সৰু স্থানত নতুন কেন্দ্ৰ মুকলিৰে দক্ষতা বিকাশৰ মিছনক উদগণি যোগোৱা হৈছে৷
  • ষ্টাৰ্ট-আপ কাৰ্যসূচী টায়াৰ-২ আৰু টায়াৰ-৩ চহৰলৈ সম্প্ৰসাৰিত হৈছে৷
  • কৃষি ক্ষেত্ৰলৈ আধুনিকীকৰণ আৰু প্ৰযুক্তিৰ আগমণ ঘটিছে৷ কৃষকে এতিয়া ক্ষুদ্ৰ জলসিঞ্চন, ড্ৰিপ জলসিঞ্চন আৰু স্প্ৰিংলাৰ জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰিছে৷
  • এহাতে, আমাৰ সৈনিকসকলে দুৰ্যোগৰ সন্মুখীন হোৱা লোকক সহৃদয়তাৰে উদ্ধাৰ কৰিছে আৰু আনহাতে তেওঁলোকে ছাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে আক্ৰমণেৰে শত্ৰু পক্ষক প্ৰত্যুত্তৰ দিছে৷
  • আমি সদায় নতুন নতুন চিন্তাৰে আগবঢ়া উচিত৷ লক্ষ্য স্পষ্ট নহ’লে প্ৰগতি সম্ভৱ নহয়৷
  • কৃষকৰ উৎপাদিত সামগ্ৰীৰ বাবে আকৰ্ষণীয় মূল্য দিয়াৰ সিদ্ধান্ত আমি সাহসেৰে গ্ৰহণ কৰিছো৷ অধিকাংশ শস্যৰ নূন্যতম সমৰ্থন মূল্য যোগান ব্যয়তকৈ ১.৫ গুণ অধিক বৃদ্ধি কৰা হৈছে৷
  • ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সদিচ্ছা আৰু নতুনত্বক আকোৱালি লোৱাৰ প্ৰৱণতাই দেশত জিএছটি ৰূপয়ন সফল কৰি তুলিলে৷ ব্যৱসায়ীসকলৰ মাজত ই নতুন বিশ্বাস কঢ়িয়াই আনিছে৷
  • দেশৰ কল্যাণৰ লক্ষ্যৰে বেনামী সম্পত্তি আইন অত্যন্ত সাহসেৰে ৰূপায়ন কৰা হৈছে৷
  • এটা সময় আছিল, যেতিয়া ভাৰতীয় অৰ্থনীতিক বিশ্বই বিপদজনক(ৰিস্কী)আখ্যা দিছিল৷ এতিয়া সেই একেই লোক আৰু প্ৰতিষ্ঠানে আত্মবিশ্বাসেৰে কৈছে যে আমাৰ সংস্কাৰ নীতিয়ে দেশৰ অৰ্থনৈতিক পৰিকাঠাম শক্তিশালী কৰিছে৷
  • এটা সময় আছিল যেতিয়া বিশ্বই ৰেড টেপৰ কথা কৈছিল৷ অৱশ্যে এতিয়া ৰেড কাৰ্পেটক লৈ আলোচনা হয়৷ ব্যৱসায়িক সূচলতা(ইজ অৱ ডুয়িং বিজনেছ)ৰ ৰেংকিঙত আমি ১০০সংখ্যক স্থান লাভ কৰিছো৷ আজি সমগ্ৰ বিশ্বই আমাৰ সাফল্যক গৌৰৱেৰে প্ৰত্যক্ষ কৰিছে৷
  • এটা সময় আছিল যেতিয়া বিশ্বই ভাৰত বুলিলেই ‘নীতিৰ স্থৱিৰতা’ আৰু ‘বিলম্বিত সংস্কাৰ’ৰ কথা চিন্তা কৰিছিল৷ কিন্তু এতিয়া ভাৰত বুলিলে ‘সংস্কাৰ, পাৰদৰ্শিতা আৰু ৰূপান্তৰ’ৰ কথা কয়৷
  • পূৰ্বে বিশ্বই ভাৰতক ক্ষণভংগুৰ অৰ্থনীতি হিচাপে আখ্যা দিছিল৷ কিন্তু বিশ্বই এতিয়া একেমুখে স্বীকাৰ কৰিছে যে ভাৰত বৰ্তমান মাল্টি-ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ কেন্দ্ৰ হৈ পৰিছে৷
  • ভাৰতৰ অৰ্থনীতি সন্দৰ্ভত সকলোৱে এতিয়া কয় যে সুপ্ত হাতী জাগি উঠিছে আৰু দৌৰিবলৈ আৰম্ভ কৰিছে৷ বিশ্বৰ অৰ্থনীতিবিদ আৰু প্ৰতিষ্ঠানসমূহে পৰ্যবেক্ষণ কৰিছে যে অনাগত তিনিটা দশকত ভাৰতে গোলকীয় অৰ্থনীতিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷
  • আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ মৰ্যদা বৃদ্ধি পাইছে আৰু এইধৰণৰ মঞ্চত ভাৰতে শক্তিশালী ৰূপত নিজৰ অভিমত দাঙি ধৰিবলৈ সক্ষম হৈছে৷
  • পূৰ্বে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্য হ’বলৈ ভাৰতে মাথো অপেক্ষা কৰি আছিল৷ এতিয়া অসংখ্য সংস্থাই ভাৰতক সদস্যভুক্ত কৰিবলৈ আগুৱাই আহিছে৷ গোলকীয় উষ্ণতাৰ ক্ষেত্ৰত ক’বলৈ গ’লে ভাৰত এতিয়া আন দেশৰ বাবে আশাৰ প্ৰতীক হৈ পৰিছে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক সমগ্ৰ বিশ্বই আদৰণি জনাইছে৷
  • আজি আমি ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ চমকপ্ৰদ উত্থান দেখিবলৈ পাইছো৷
  • উত্তৰ-পূৰ্বাঞ্চলৰ অন্তিমখন গাঁও বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱা হৈছে৷
  • উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পথ, ৰে’লৱে, বিমান পথ, জলপথ আৰু তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ প্ৰগতিৰ বাৰ্তা আমি দৈনিক লাভ কৰি আছো৷
  • উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মই নিজৰ নিজৰ অঞ্চলত বিপিঅ’ স্থাপন কৰি আছে৷
  • উত্তৰ-পূৰ্বাঞ্চল জৈৱিক কৃষিৰ কেন্দ্ৰস্থল হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷
  • এটা সময়ত উত্তৰ-পূৰ্বাঞ্চল দিল্লীৰ পৰা বহু দূৰ বুলি ভৱা হৈছিল৷ কিন্তু যোৱা চাৰি বছৰৰ ভিতৰত আমি দিল্লীক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখলৈ লৈ গৈছো৷
  • আমাৰ দেশৰ ৬৫% জনসংখ্যা ৩৫ বছৰৰ তলৰ বয়সৰ৷ আমাৰ যুৱ প্ৰজন্মই সংস্থাপনৰ প্ৰকৃতি দৃষ্টান্তমূলকভাৱে সলনি কৰিছে৷ সেয়া লাগিলে ষ্টাৰ্ট-আপেই হওক বা বিপিঅ’, ই-কমাৰ্চ অথবা মোবাইলৰ ক্ষেত্ৰতেই হওক, আমাৰ যুৱচামে এক নতুন ক্ষেত্ৰত প্ৰৱেশ কৰিছে৷ দেশক এক নতুন উচ্চতালৈ লৈ যাবলৈ সম্প্ৰতি আমাৰ যুৱ প্ৰজন্ম সংকল্পবদ্ধ৷
  • ১৩কোটি লোকে মুদ্ৰা ঋণৰ সুবিধা লাভ কৰাতো এক ডাঙৰ সফলতা। ইয়াৰে ৪ কোটি হ’ল যুৱক-যুৱতী, যিয়ে প্ৰথমবাৰৰ বাবে ঋণ লাভ কৰিছে আৰু তেওঁলোকে আত্মসংস্থাপনৰ বাট মুকলি কৰিছে৷ আমাৰ যুৱচামে তিনি লাখ গাঁওত কমন ছাৰ্ভিচ চেণ্টাৰ পৰিচালনা কৰি আছে৷ তেওঁলোকে প্ৰতিখন গাওঁকে সংযুক্ত কৰি আছে আৰু গাওঁৰ নাগৰিকে তথ্য প্ৰযুক্তিৰ উপযোগিতা গ্ৰহণ কৰি আছে৷
  • আমাৰ বৈজ্ঞানিকসকলৰ উদ্ভাৱন কৌশলৰ জৰিয়তে আমি ‘নেভিক’ মুকলি কৰিবলৈ গৈ আছো, যি ব্যৱস্থা মাছমৰীয়া আৰু অন্যান্যসকলৰ বাবে অতি উপযোগী বিবেচিত হ’ব৷
  • ২০২২লৈ ভাৰতে মানুহ কঢ়িয়াব পৰা মহাকাশযান মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু হৈছে৷ এই অভিযান সম্পন্ন কৰা ভাৰত হ’ব বিশ্বৰ চতুৰ্থ দেশ৷
  • এতিয়া আমি কৃষি ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিছো৷ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ সময়লৈ দেশত কৃষকৰ আয় আমি দুগুণ কৰাৰ সপোন দেখিছো৷
  • আধুনিক প্ৰযু্ক্তিৰ সহায়ত আমি কৃষিক্ষেত্ৰক দূৰ-দিগন্তলৈ সম্প্ৰসাৰিত কৰিব বিচাৰো৷
  • জৈৱিক কৃষি, নীল বিপ্লৱ, ছুইট বিপ্লৱ, সৌৰ কৃষি পদ্ধতি আদিৰ দৰে নতুন পন্থাই আমাৰ বাবে আগুৱাই যোৱাৰ পথ মুকলি কৰিছে৷
  • মৎস্য পালনত ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে৷
  • মৌৰ ৰপ্তানি দুগুণ হৈছে৷
  • কুঁহিয়াৰ খেতিয়কসকলৰ বাবে আনন্দৰ বিষয় যে ইথানলৰ উৎপাদন তিনিগুণলৈ বৃদ্ধি পাইছে৷
  • গ্ৰাম্য অৰ্থনীতিত আন খণ্ডও অত্যন্ত গুৰুত্বপূৰ্ণ৷ মহিলাৰ আত্মসহায়ক গোট গঠনেৰে আমি গ্ৰামাঞ্চলক সমৃদ্ধিশালী কৰিব বিচাৰো৷ আমি গাওঁসমূহৰ সক্ষমতা বৃদ্ধি কৰিব বিচাৰো আৰু সেই দিশত প্ৰচেষ্টা অব্যাহত ৰাখিছো৷
  • এতিয়া খাদীৰ বিক্ৰী দুগুণ হৈছে৷
  • আমাৰ কৃষকে এতিয়া সৌৰ কৃষিৰ ওপৰত মনোনিৱেশ কৰিছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে কৃষিক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ সৌৰ শক্তি বিক্ৰী কৰি ধন উপাৰ্জন কৰিব পাৰে৷
  • অৰ্থনৈতিক প্ৰগতি আৰু উন্নয়নৰ সৈতে আমি মানৱ জীৱনৰ মৰ্যাদাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো, যিটো সবাতোকৈ প্ৰয়োজনীয়৷ সেইবাবে আমি এনেকুৱা আঁচনিসমূহ অব্যাহত ৰাখিব বিচাৰো, যিসমূহে এগৰাকী সাধাৰণ লোকক গৌৰৱ, সন্মান আৰু মৰ্যাদাৰে জীয়াই থকাত সহায় কৰে৷
  • বিশ্ব স্বাস্থ্য সংস্থাৰ  প্ৰতিবেদন অনুসৰি স্বচ্ছতা অভিযানৰ বাবে ৩লাখ শিশুৰ প্ৰাণ ৰক্ষা পৰিছে৷
  • সত্যাগ্ৰহ আন্দোলন গঢ়ি তোলা গান্ধীজীৰ পৰা প্ৰেৰণা লৈ আমি সত্যাগ্ৰহীসকলক সংগঠিত কৰাত সফল হৈছো৷ গান্ধীজীৰ ১৫০সংখ্যক জন্মজয়ন্তীত কোটি কোটি স্বচ্ছগ্ৰাহী শ্ৰদ্ধাঞ্জলি অৰ্পনৰ বাবে সাজু হৈছে৷ স্বচ্ছ ভাৰতৰ ৰূপতো বাপুজীক সন্মান প্ৰদৰ্শন কৰা হৈছে৷
  • দৰিদ্ৰ লোকসকলক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ চৰকাৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অভিযান মুকলি কৰিছে৷ এতিয়া এই আঁচনিৰ অধীনত যিকোনো ব্যক্তিয়ে উন্নত চিকিৎসালয়লৈ গৈ বেমাৰৰ পৰা সকাহ লাভ কৰিব পাৰে৷
  • আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ১০ কোটি পপৰিয়ালে স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিব পাৰিব৷ অৰ্থাৎ এই আঁচনিয়ে দেশৰ প্ৰায় ৫০ কোটি নাগৰিকক সাঙুৰি ল’ব৷ প্ৰতিটো পৰিয়ালে বছৰি ৫ লাখৰ স্বাস্থ্য বীমাৰ ধন লাভ কৰিব৷
  • আমি প্ৰযুক্তি আৰু পাৰদৰ্শিতাৰ ওপৰত অত্যন্ত গুৰুত্ব দিছো৷ প্ৰযুক্তিবিদ্যাই সাধাৰণ নাগৰিকক বিভিন্ন সুবিধা লাভত সহায় কৰিব আৰু বাধাসমূহ আঁতৰাব৷
  • প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযান ২০১৮ৰ ২৫ ছেপ্তেম্বৰত মুকলি কৰা হ’ব৷ ইয়াৰ ফলত সাধাৰণ নাগৰিকে মাৰাত্মক ৰোগৰ বাবে জীয়াতু ভুগিব নালাগে৷
  • স্বাস্থ্য খণ্ডত মধ্যবিত্ত পৰিয়াল আৰু যুৱচামৰ বাবে নতুন পথ সৃষ্টি হৈছে৷ ২ টায়াৰ আৰু ৩টায়াৰ চহৰত নতুন চিকিৎসালয় স্থাপন কৰা হ’ব৷ বৃহৎসংখ্যক মেডিকেল ষ্টাফ নিয়োজিত হ’ব৷ অনাগত দিনত নিয়োগ সৃষ্টিৰ সম্ভাৱনা অধিক বৃদ্ধি পাব৷
  • যোৱা চাৰি বছৰত আমি দৰিদ্ৰক সৱল কৰিবলৈ চেষ্টা কৰিছো৷ এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই উল্লেখ কৰিছে যে যোৱা ২ বছৰত ৫কোটি লোক দৰিদ্ৰ সীমাৰেখা অতিক্ৰম কৰিছে৷ দৰিদ্ৰৰ সৱলীকৰণৰ বাবে কেইবাখনো আঁচনি ৰূপায়ন কৰা হৈছে৷
  • চৰকাৰে সকলো প্ৰতিবন্ধকতা দূৰ কৰিবলৈ প্ৰয়াস চলাইছে৷ দুৰ্নীতি আৰু কলাধন আঁতৰ কৰাৰ পথত আমি অগ্ৰসৰ হৈছো৷ এই প্ৰয়াসৰ বাবেই আমি চৰকাৰী কোষাগাৰত ৯০০০০ কোটি টকা সংগঠিত কৰিবলৈ সক্ষম হৈছে।
  • ২০১৩ চন পৰ্যন্ত বিগত ৭০ বছৰত প্ৰত্যক্ষ কৰদাতাৰ সংখ্যা আছিল মাত্ৰ ৪কোটি৷ এতিয়া এই পৰিমাণ দুগুণ হৈ ৭.২৫ কোটিলৈ বৃদ্ধি পাইছে৷
  • ৭০ বছৰত পৰোক্ষ কৰ বিষয়াই ৭০লাখ ৰাজহ সংগ্ৰহ কৰিছিল৷ ইয়াৰ বিপৰীতে জিএছটি ৰূপায়নৰ পাছত এবছৰৰ ভিতৰত ১৬লাখ ৰাজহ সংগৃহীত হৈছে৷
  • আমি ক’লাধন আৰু দুৰ্নীতি কেতিয়াও সহ্য নকৰো৷ অনেক বাধা থাকিলেও আমি ইয়াক আঁতৰ কৰিমেই৷
  • স্বচ্ছতা বজায় ৰখাৰ বাবে আমি অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিছো৷ আমি তথ্য প্ৰযুক্তিক সৰ্বাধিক পৰ্যায়ত ব্যৱহাৰ কৰিছো৷
  • শ্বৰ্ট ছাৰ্ভিচ কমিছনৰ মাধ্যমেৰে আমি দেশৰ সামৰিক বাহিনীত মহিলা বিষয়া নিযুক্ত কৰিছো৷ এই প্ৰক্ৰিয়াত স্বচ্ছতা বজায় ৰখা হৈছে৷ মহিলা বিষয়াসকলক পুৰুষৰ সমানেই মৰ্যাদা দিয়া হৈছে৷
  • ধৰ্ষণ অত্যন্ত বেদনাদায়ক৷ কিন্তু ভুক্তভোগীৰ যন্ত্ৰণাদায়ক অভিজ্ঞতা আৰু অধিক কষ্টকৰ৷ এই কথা দেশৰ নাগৰিকে উপলব্ধি কৰা উচিত৷ সকলোৱে ইয়াক বুজি পোৱা উচিত৷
  • আমি এই নিষ্ঠুৰতা আৰু ভয়ানক মনোভাৱৰ পৰা সমাজক আতৰাই আনি দেশক শিক্ষিত কৰি তুলিব লাগিব৷ আইনে নিজৰ কাম কৰি আছে৷ কিন্তু আমি ধৰ্ষণৰ দৰে কুচিন্তাৰ পৰা সমাজক উদ্ধাৰ কৰিব লাগিব৷
  • তিনি তালাকে মুছলিম মহিলাৰ জীৱন দুৰ্বিসহ কৰি তুলিছিল৷ আমি মুছলিম মহিলাসকলক এই দুৰ্বিসহ জীৱনৰ পৰা উদ্ধাৰ কৰিবলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰিছো৷ কিন্তু এতিয়াও এনে কিছুমান লোক আছে, যিয়ে এই বিধেয়কখন প্ৰণয়ন হোৱাতো নিবিচাৰে৷
  • জম্মু আৰু কাশ্মীৰৰ বিষয়ত অটল বিহাৰী বাজপেয়ীয়ে আমাক যি পথ দেখুৱাই থৈ গৈছে, সেয়া হৈছে সৰ্বশ্ৰেষ্ঠ পথ৷ আমি সেই একে পথেৰে যাব বিচাৰো৷ আমি গুলী-বাৰুদ আৰু হিংসাৰ পথ গ্ৰহণ কৰিব নিবিচাৰো৷ আমি কাশ্মীৰৰ দেশপ্ৰেমী লোকসকলক আলিংগন কৰিব লাগিব আৰু এই প্ৰক্ৰিয়াক আগুৱাই নিব লাগিব৷
  • অহা মাহত জম্মু আৰু কাশ্মীৰৰ লোকে তেওঁলোকৰ অধিকাৰ উপভোগ কৰিব পাৰিব৷ চৰকাৰে তেওঁলোকৰ উন্নয়নৰ বাবে গাওঁ পঞ্চায়তলৈ পৰ্যাপ্ত ধন মুকলি কৰি দিব৷
  • প্ৰতিগৰাকী ভাৰতীই নিজৰ আৱাসগৃহ থকাতো বিচাৰে৷ সেইবাবে আমি লৈ আহিছো—সকলোৰে বাবে গৃহ আঁচনি৷ আমি বিচাৰো যে প্ৰতিঘৰতে বিদ্যুৎ সংযোগৰ ব্যৱস্থা সংযোজিত হওক৷ সেইবাবে দেশৰ সকলো গাওঁক বিদ্যুতেৰে সংযোগ কৰা হৈছে৷ সকলো ভাৰতীয়ই পাকঘৰৰ ধোৱাৰ পৰা মুক্তি বিচাৰে৷ এই লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৰে বাবে ৰন্ধন গেছৰ সুবিধা আগবঢ়াইছো৷ প্ৰতিগৰাকী দেশবাসীয়ে বিশুদ্ধ খোৱাপানী বিচাৰে৷ সেইবাবে আমি সকলোৰে বাবে খোৱাপানীৰ ব্যৱস্থা কৰিছো৷ প্ৰতিগৰাকী ভাৰতীয়ই এটি শৌচালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰে৷ সেয়ে আমি লক্ষ্য লৈছে প্ৰতিঘৰতে শৌচালয় নিৰ্মাণ কৰা৷ প্ৰতিগৰাকী ভাৰতীয়ৰে দক্ষতা বিকাশৰ প্ৰয়োজন৷ সেয়ে আমি সকলোৰে বাবে দক্ষতা বিকাশ আঁচনি ৰূপায়ন কৰিছো৷ প্ৰতিগৰাকী ভাৰতীয়কে উন্নত স্বাস্থ্যসেৱাৰ দৰকাৰ৷ গতিকে, আমাৰ প্ৰচেষ্টা হ’ল সকলোৰে বাবে স্বাস্থ্য নিশ্চিত কৰা৷ ইয়াৰ বাবে আমি সকলোৰে বাবে আমি স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়াইছো৷ প্ৰতিগৰাকী ভাৰতীয়ক ইণ্টাৰনেট সুবিধাৰ দৰকাৰ৷ সেয়ে আমি সকলোকে সংযুক্ত কৰাৰ প্ৰয়াস চলাই আছো৷ আমি আমাৰ দেশক প্ৰগতিৰ পথত আগুৱাব বিচাৰো৷
  • আমি কাৰো ওচৰত মূৰ দোৱাব নিবিচাৰো৷ দেশ কেতিয়াও স্তব্ধ নহয়, দেশ কেতিয়াও ভাগৰুৱা নহয়৷ আমি সফলতাৰ নতুন উচ্চতা স্পৰ্শ কৰিম৷ অনাগত দিনত অসাধাৰণ প্ৰগতি অৰ্জন কৰাই আমাৰ লক্ষ্য৷

*****