independenceday-2016

Press Information Bureau

Government of India

Prime Minister's Office

২০১৭ৰ স্বাধীনতা দিবস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ-আলোকপাত

Posted On :15, August 2017 12:51 IST

৭১ সংখ্যক স্বাধীনতা দিবস উপলক্ষে লালকিল্লাৰ আৱেষ্টনীৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। তলত তেওঁৰ ভাষণৰ আলোকপাত দিয়া হৈছেঃ

১. স্বাধীনতা দিবস উপলক্ষে মোৰ শ্ৰদ্ধাৰ দেশবাসীলৈ শুভেচ্ছা জনাইছোঁ।

২. দেশৰ স্বাধীনতা আৰু গৌৰৱৰ বাবে যিসকলে বৰঙণি যোগালে আৰু আত্মবলিদান দিলে, সেই পবিত্ৰ আত্মা, মাতৃ আৰু ভগ্নীসকলৰ প্ৰতি ১২৫ কোটি ভাৰতীয়ৰ হৈ লালকিল্লাৰ পৰাই মই প্ৰণাম যাছিছোঁ।

৩. ভাৰতৰ স্বাধীনতাৰ বাবে কঠোৰ শ্ৰম কৰা মহান পুৰুষ-মহিলাসকলক মই এই মুহূৰ্তত স্মৰণ কৰিছোঁ।

৪. দেশৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত আৰু চিকিৎসালয়ত মৃত্যু হোৱা শিশুৰ ঘটনাৰ সময়ত তেওঁলোকৰ দুখত সমভাগী হৈ আমি ভাৰতৰ সকলোৱে কান্ধত কান্ধ মিলাই আগবাঢ়িব লাগিব।

৫. চলিত বৰ্ষতে ভাৰত ত্যাগ আন্দোলনৰ ৭৫ বছৰ, চম্পাৰন সত্যাগ্ৰহৰ ১০০ বছৰ আৰু গণেশ উৎসৱৰ ১২৫ বছৰ সম্পূৰ্ণ হ’ব।

৬. এই Quit India Movement আছিল “ভাৰত ত্যাগ কৰা”, কিন্তু আজি ইয়াক আমি কওঁ “ভাৰত যোগ কৰা”।

৭. ‘নতুন ভাৰত’ৰ সংকল্প লৈ আমি দেশক আগুৱাই নিব লাগিব।

৮. ১৯৪২ৰ পৰা ১৯৪৭ লৈ দেশবাসীয়ে সামূহিক শক্তি প্ৰদৰ্শন কৰিব পাৰিব, ঠিক তেনেদৰে অহা পাঁচ বছৰত একে সামূহিক শক্তি, প্ৰতিশ্ৰুতি আৰু কঠোৰ পৰিশ্ৰমেৰে দেশবাসীক আগবঢ়াই নিব লাগিব।

৯. আমাৰ দেশত সৰু-ডাঙৰ বুলি একো নাই, সকলো সমান। আমি সকলোৱে মিলি দেশৰ বৃহৎ পৰিৱৰ্তন সাধন কৰিব পাৰোঁ।

১০. আমি উচ্চ নীচৰ ভেদ-ভাৱ পাহৰি ১২৫ কোটি ভাৰতীয়ই সামূহিক প্ৰচেষ্টাৰে নতুন ভাৰত গঢ় দিয়াৰ দিশত দেশক আগুৱাই নিব লাগিব।

১১. ২০১৮ চনৰ ১ জানুৱাৰী দিনটো সামান্য দিন নহয়, কাৰণ তেতিয়াই এই শতিকাত জন্মগ্ৰহণ কৰাসকলে ১৮ বছৰত ভৰি দিব। তেওঁলোক এই দেশৰ ভাগ্য বিধাতা হৈ পৰিব।

১২. আমি চলি থাকিব এই মনোভাৱ ত্যাগ কৰিব লাগিব। আমি দেশৰ সহায়ৰ বাবে এনে মনোভাৱ ল’ব লাগিব যে-“পৰিৱৰ্তন কৰিব পৰা যাব”।

১৩. দেশ পৰিৱৰ্তন হৈছে, পৰিৱৰ্তন হৈ থাকিব আৰু পৰিৱৰ্তন কৰিব পৰা যাব। আমি এই বিশ্বাস আৰু প্ৰতিশ্ৰুতি আগুৱাই নিব লাগিব।

১৪. দেশৰ সুৰক্ষাই আমাৰ প্ৰাথমিকতা৷ সমূদ্ৰই হওঁক বা সীমান্তই হওঁক, Cyber ই হওঁক বা Space হওঁক, সকলোধৰণৰ সুৰক্ষাতে ভাৰত নিজৰ মাজতেই সমৰ্থবান, তদুপৰি দেশৰ বিৰুদ্ধে যিকোনো কাম কৰা পক্ষকেই উচিত প্ৰত্যুত্তৰ দিবলৈও ভাৰত সক্ষম৷

 

১৫. আমাৰ দেশ, আমাৰ সেনা, আমাৰ বীৰ পুৰুষ, প্ৰতিটো সামৰিক বাহিনী, যিয়েই হওঁক, কেৱল, স্থল সেনা, বায়ু সেনা বা নৌ সেনাৰ কথাই কোৱা নাই, সকলো ঐক্যবস্ত্ৰধাৰী বাহিনী, সকলোৱেই যেতিয়াই সুযোগ আহিছে তেতিয়াই তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰিছে, নিজৰ সামৰ্থ্য দেখুৱাইছে, বলিদান দিয়াৰ ক্ষেত্ৰতো আমাৰ দেশৰ বীৰ কেতিয়াও পিছহুহকি অহা নাই৷ সেয়া লাগিলে বামপন্থী উগ্ৰবাদীয়েই হওঁক, সন্ত্ৰাসবাদীয়েই হওঁক, অবৈধ অনুপ্ৰৱেশকাৰীয়েই হওঁক, দেশৰ ভিতৰ ভাগত অশান্তিৰ সৃষ্টি কৰা অপশক্তিয়েই হওঁক, আমাৰ এই ঐক্যবস্ত্ৰধাৰীসকলে বলিদানেৰে সেই সকলো অপশক্তি বিনাশ কৰি আহিছে৷ আৰু যেতিয়া Surgical Strike হৈছিল, তেতিয়া সমগ্ৰ বিশ্বই আমাৰ শক্তি সামৰ্থ্যক স্বীকাৰ কৰিছিল৷

 

১৬. ‘এক ৰেংক-এক পেঞ্চন’ নীতিৰ দ্বাৰা দেশৰ সেনাসকলক নৈতিকভাৱে উৎসাহিত কৰিছে। 

১৭. যিসকলে দেশক লুটিপুতি খালে, তেওঁলোক আজি শান্তিৰে শুব পৰা নাই।

 

১৮. বেনামী সম্পত্তি ৰখাসকলে, কিমান বছৰ বছৰ ধৰি আইন কানুনৰ মাজত ওলমি আছিল সেয়া আমি সকলোৱেই জানো৷ অলপতে আমি আইনৰ বিধিগত ৰূপেৰে সমগ্ৰ ব্যৱস্থাটো আগুৱাই নিয়াৰ কাম আৰম্ভ কৰিছো৷ ইমান কম সময়ৰ ভিতৰতেই চৰকাৰে ৮০০ কোটিতকৈও অধিক বেনামী সম্পত্তি জব্দ কৰিছে৷ এনে কামবোৰেই সাধাৰণ জনতাৰ মনত এক বিশ্বাসৰ জন্ম দিয়ে যে এই দেশ সৎ লোকসকলৰ দেশ৷

১৯. আজি আমি সততাৰ উৎসৱ উদযাপন কৰিছোঁ।

 

২০. GST ৰ দ্বাৰা দেশত Cooperative Federalismৰ এক নৱশক্তি প্ৰদৰ্শণ কৰিছে। দেশবাসীয়ে আজি ঐক্যতাৰে জিএছটি সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই ক্ষেত্ৰত প্ৰযুক্তিৰ গুৰুত্বই সহায় কৰিছে।

২১. আজি দেশৰ দুখীয়া লোকসকলে মুঁল সুঁতিলৈ ঘুৰি আহিছে আৰু দেশবাসীয়ে প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছে।

২২. সু-প্ৰশাসন হৈছে দ্ৰুত আৰু সৰলীকৰণ প্ৰক্ৰিয়া।

 

২৩. বিশ্বত ভাৰতৰ প্ৰস্থিতি উন্নত হৈছে। সন্ত্ৰাসবাদৰ বিভীষিকাৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সৈতে সমগ্ৰ বিশ্বই সাজু আছে। এইক্ষেত্ৰত সহায় কৰাৰ বাবে সকলো ৰাষ্ট্ৰক মই ধন্যবাদ জনাইছোঁ।

 

২৪. আমি জম্মু আৰু কাশ্মীৰৰ উন্নতিৰ হকে কাম কৰিব লাগিব।

 

২৫. সন্ত্ৰাস আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে নমনীয়তা প্ৰদৰ্শনৰ প্ৰশ্নই নুঠে।

 

২৬. গালিৰেও নহয়, গুলীৰেও নহয়, সম্প্ৰীতিৰেহে কাশ্মীৰৰ সমস্যা সমাধান হ’ব।

 

২৭. ক’লাধনৰ বিৰুদ্ধে আমাৰ যুদ্ধ অব্যাহত থাকিব৷ প্ৰযুক্তিৰ সহায়ৰ জৰিয়তে দেশত সুনীতিত বল প্ৰয়োগ কৰিবলৈ আমি বহু প্ৰয়াস কৰিছোঁ৷

 

২৮. অন্যান্য মন্ত্ৰনাতকৈ, যিকোনো প্ৰতিষ্ঠানৰ ক্ষেত্ৰত জনতাৰ হাত আছে-চৰকাৰৰ দ্বাৰা জনতা নহয়, জনতাৰ দ্বাৰা চৰকাৰ চলিব।

 

২৯. নতুন ভাৰত গণতন্ত্ৰৰ বাবে ডাঙৰ শক্তি।

 

৩০. পৰিৱৰ্তিত চাহিদা আৰু পৰিৱৰ্তিত প্ৰযুক্তিৰ দ্বাৰাহে কামৰ প্ৰকৃতিৰ পৰিৱৰ্তন হ’ব।

 

৩১. আমি আমাৰ যুৱ প্ৰজন্মক চাকৰিপ্ৰাৰ্থী হোৱাতকৈ, চাকৰি সৃষ্টিকাৰী হিচাপে গঢ়ি তুলিব লাগিব।

 

৩২. সমগ্ৰ দেশতে তিনি তালাকৰ বিৰুদ্ধে বিৰোধিতা কৰা হৈছে, মই হৃদয়েৰে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো আৰু মোৰ বিশ্বাস যে মাতৃ-ভগ্নীসকলক অধিকাৰ প্ৰাপ্ত কৰোৱাৰ বাবে এই যুদ্ধত হিন্দুস্তানে পূৰ্ণ সহযোগ আগবঢ়াব৷

 

৩৪. ভাৰতে শান্তি, একতা আৰু সদভাৱনাৰ প্ৰতি আগ্ৰহী। জাতিভেদ আৰু সাম্প্ৰদায়িকতাই আমাক সহায় নকৰে।

 

৩৫. আস্থাৰ নামত হিংসাই কাকো সুখী নকৰে, ইয়াক ভাৰতবাসীয়ে গ্ৰহণ নকৰে।

 

৩৬. আমাৰ দেশ শান্তি, ঐক্য আৰু সংহতিৰ মাজেৰে গতি কৰিছে। আমাৰ সভ্যতা আৰু সংস্কৃতিয়েই হৈছে সকলোকে আকোঁৱালী লোৱা।


৩৭.  আমি আমাৰ দেশক নতুন পথ(উন্নয়নৰ)ত আগুৱাই লৈ গৈছোঁ আৰু ই দ্ৰুত গতিত আগবাঢ়িছে।

৩৮. আমি পূব ভাৰত-উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, অসম, উত্তৰ-পূব, ওড়িশাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছোঁ। এই অঞ্চলবোৰ দ্ৰুতগতিত উন্নতি হৈছে।

 

৩৯. আমাৰ কৃষকসকলে কৰা কঠোৰ পৰিশ্ৰমৰ বিপৰীতে অভিলেখ সংখ্যক খাদ্য শস্য উৎপাদন কৰিব পাৰে সেয়া নিশ্চিত কৰিব পাৰিব লাগিব।

 

৪০. প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ৫.৭৫ কোটিতকৈ অধিক কৃষকক সামৰি লোৱা হৈছে।


৪১. প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ অধীনত ইতিমধ্যে ৩০টা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু ৫০টাৰ কাম চলি আছে।

 

৪২. প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ অধীনত কৃষকক বীজ যোগান ধৰাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিপণনৰ বাবে বজাৰৰ ব্যৱস্থা কৰা হৈছে।


৪৩. ১৪০০০ তকৈ অধিক বিদ্যুৎ সংযোগ নথকা গাঁৱত বিদ্যুৎ সংযোগ দিয়া হ’ল।


৪৪. ২৯ কোটি জনধন একাউণ্ট খোলা হ’ল।


৪৫. কোনো বেংক গ্যাৰাণ্টি নিদিয়াকৈ ৮ কোটিতকৈ অধিক লোকে ঋণ লাভ কৰিছে। 

৪৬. দেশৰ লোকসকলৰ ভালৰ বাবে তথা নতুন প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰিছোঁ।

 

৪৭. দুৰ্নীতি মুক্ত ভাৰত গঢ়াতো এক অতি গুৰুত্বপূৰ্ণ কাম, সেইটো সফল কৰাৰ বাবে চেষ্টা কৰি আছোঁ। 

৪৮. দুৰ্নীতি মুক্ত ভাৰত গঢ়াৰ আমাৰ প্ৰচেষ্টাই সফলতাৰ মুখ দেখিছে।


৪৯. ১.২৫ লাখ কোটি ক’লাধন উদ্ধাৰ কৰা হ’ল। 


৫০. ১.৭৫ লাখতকৈ অধিক কোম্পানী বন্ধ কৰি দিয়া হৈছে। 


৫১. জিএছটিৰ পাছত পৰিবহণ খণ্ডৰ ৰাহি আৰু সক্ষমতা বৃদ্ধি পাইছে। এই সক্ষমতা ৩০ শতাংশলৈ বাঢ়িছে।

৫২. বিমুদ্ৰাকৰণৰ ফলত বেংকসমূহলৈ পৰ্যাপ্ত ধন আহিছে, যিটোৱে আমাৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে। 

৫৩. সৰ্বাধিক যুৱ শক্তিৰে সমৃদ্ধ আমাৰ দেশ। বৰ্তমান যুগ হৈছে তথ্য-প্ৰযুক্তিৰ যুগ। সেয়ে আহক আমি ডিজিটেল লেনদেনৰ দিশে অগ্ৰসৰ হওঁ। 


৫৪. ডিজিটেল অৰ্থনীতি আৰু Bhim Appৰ প্ৰচাৰৰ বাবে আমি সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব। . 

৫৫. আমি সহযোগিতামুলক যুক্তৰাষ্ট্ৰীতাবাদৰ পৰা প্ৰতিযোগিতামুলক সহযোগিতাৰ যুক্তৰাষ্ট্ৰীয়তাবাদৰ দিশে গতি কৰিব লাগিব।


৫৬. আমাৰ শাস্ত্ৰতো উল্লেখ আছে যে সময়মতে যদি কোনো কাম সম্পূৰ্ণ কৰা নহয়, তেতিয়া হ’লে ইপ্সিত ফল কেতিয়াও পোৱা নাযায়।

 

৫৭. এখন নতুন ভাৰত গঢ়িবলৈ ‘Team India’ৰ বাবে এয়াই উপযুক্ত সময়। 

৫৮. আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত দুখীয়াসকলৰো এটা পকী ঘৰ, বিদ্যুৎ আৰু পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী থাকে। 

৫৯. আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত দেশৰ কৃষকসকলে চিন্তামুক্ত ভাৱে শুব পাৰে। আজি যিমান উপাৰ্জন কৰিছে, ২০২২ত তাতকৈ দুগুন আয় কৰিব।


৬০. আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত যুৱক-যুৱতী, মহিলাই নিজৰ সপোন পুৰণ কৰাৰ বাবে অফুৰন্ত সুবিধা থাকে। 

৬১. আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত আতংকবাদ, সাম্প্ৰদায়িকতা আৰু জাতিভেদৰ পৰা মুক্ত হয়। 

৬২. আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, য’ত দুৰ্নীতি আৰু ভাতৃঘাটী সংঘৰ্ষৰ সৈতে কোনো মোকাবিলা নহয়।

৬৩. আমি সকলোৱে মিলি এনে এখন ভাৰত নিৰ্মাণ কৰিম, যিখন স্বচ্চ, সুস্বাস্থ্য আৰু স্বৰাজৰ সপোন পুৰণ কৰে। 

৬৪. আমি এখন “দিব্য আৰু ভব্য ভাৰত”ৰ কামনা কৰিছোঁ। 

***


AKT/SNC/SH/VK/DB