independenceday-2016

Press Information Bureau

Government of India

Special Service and Features

বেংকিং ক্ষেত্ৰত প্ৰযুক্তিৰ আন্দোলন

Posted On :11, August 2017 12:03 IST

 

স্বাধীনতাৰ ৭০ বছৰ

বিশেষ নিবন্ধ-স্বাধীনতা দিৱস ২০১৭

বেংকিং ক্ষেত্ৰত প্ৰযুক্তিৰ আন্দোলন

*ভি শ্ৰীনিৱাস

২০১৪ চনৰ আগষ্টত প্ৰধানমন্ত্ৰীয়ে তেখেতৰ স্বাধীনতা দিৱসৰ ভাষণত কৈছিল যে জন ধন যোজনাৰদ্বাৰা দেশৰ সকলো পৰিয়ালকে বিত্তীয় অন্তৰ্ভূক্তিৰ আওতালৈ আনিবলৈ চেষ্টা কৰা হৈছে। তেওঁ কৈছিল যে “ভাৰতৰ অৰ্থনৈতিক সম্পদসমূহ দৰিদ্ৰৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হ’ব।” “বিত্তীয় অন্তৰ্ভূক্তি” হ’ল চৰকাৰে কৰিব বিচৰা এনে এক পদ্ধতি যাৰ যোগেদি সাধাৰণ নাগৰিকক অৰ্থব্যৱস্থাৰ আনুষ্ঠানিকতাৰ মাজত সাঙুৰি ল’ব পৰা হয় আৰু এজনো ব্যক্তি বাদ নপৰাকৈ সকলোৱে যাতে দেশৰ অৰ্থব্যৱস্থাৰ উন্নতিৰ ভাগ পায় তাক সুনিশ্চিত কৰাৰ লগতে দৰিদ্ৰজনকো ধন জমা কৰিবলৈ, সুৰক্ষিতভাৱে নিবেশ কৰিবলৈ তথা প্ৰয়োজন অনুসাৰে আনুষ্ঠানিকভাৱে ঋণ ল’বলৈ সুবিধা কৰি দি মূলসূঁতিৰ অৰ্থনীতিক চহকী কৰি তোলা হয়।

বেংক সমূহৰ ৰাষ্ট্ৰীয়কৰণৰ যোগেদি ভাৰতে ১৯৬৯ চনৰেপৰাই বিত্তীয় অন্তৰ্ভূক্তিৰ লক্ষ্য থিৰাং কৰি লৈছিল। অগ্ৰাধিকাৰ ভিত্তিত আঁচনিসমূহ মুকলি কৰা হ’ল, আঞ্চলিক গ্ৰাম্য বেংকসমূহ মুকলি কৰা হ’ল, সেৱা খণ্ডত নতুন ব্যৱস্থা গ্ৰহণ কৰা হ’ল, স্বয়ংসেৱী গোটসমূহৰ প্ৰচাৰ কৰা হ’ল। যদিও নতুন নতুন পদ্ধতি গ্ৰহণ কৰা হ’ল, কম্পিউটাৰ প্ৰযুক্তিৰ ব্যৱহাৰেৰে বেংকিং ক্ষেত্ৰত প্ৰযুক্তিৰ নৱযুগৰ সূচনা নহ’ল আৰু বৃহৎ ভৌগোলিক পৰিসীমাক ই সামৰি ল’ব নোৱাৰিলে। যোৱা তিনিবছৰতহে বেংকিং ক্ষেত্ৰত প্ৰযুক্তিৰ আন্দোলন সম্ভৱ হৈ উঠিল।

ভাৰতীয় কৃষকসকলে উচিত হাৰত আৰু সময়মতে যথেষ্ট পৰিমাণে ঋণ লাভ কৰাৰ ক্ষেত্ৰত সদায়ে অসুবিধাৰ সন্মূখীন হৈ আহিছে। এই ক্ষেত্ৰত বিত্তীয় অন্তৰ্ভূক্তি এক ডাঙৰ সকহ হৈ পৰিছে।জন ধন যোজনাৰদ্বাৰা দেশৰ সকলো ব্যক্তিলৈ অভাৰড্ৰাফটৰ সুবিধা প্ৰদান কৰা হৈছে যিয়ে বেংকৰ কৰ্মচাৰী সকলকো ঋণ প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় আত্মবিশ্বাস গঢ় দিয়াত সহায় কৰিছে।২০১৬ চনত আধাৰ আইনৰ সূচনা হোৱাৰ ফলত বিত্তীয় সুবিধাৰ লগতে আন আন ৰাজসাহাৰ্যযুক্ত সুবিধাসমূহ আগবঢ়োৱাও সহজ হৈ পৰিছে।

ভাৰত চৰকাৰে লোৱা তৃতীয়টো ডাঙৰ পদক্ষেপ আছিল ভীম পদক্ষেপ, যাৰ যোগেদি মোবাইল এপ্লিকেশ্যনৰ বিকাশ ঘটোৱা হৈছিল। ইয়াৰ ফলত বেংকৰপৰা পোনপটীয়াকৈ নগদবিহীনভাৱে ই-পে’মেন্টৰ সুবিধা কৰা হ’ল। জন ধন যোজনা, ভীম এপ্লিকেশ্যন তথা আধাৰ আইনে সমূহীয়াভাৱে চৰকাৰক স্বচ্ছভাৱে ৰাজসাহাৰ্য আগবঢ়োৱাত সহায় কৰি আহিছে।

আজি প্ৰায় সকলোবোৰ ভাৰতীয় বেংকেই ইন্টাৰনেট বেংকিং সেৱা, মোবাইল এপ্লিকেশ্যনৰ সুবিধা, ক্ৰেডিট কাৰ্ড, অনলাইন পৰ্টেল, শাখা/এ টি এম আদিৰ সুবিধা আগবঢ়ায়। নেশ্যনেল ইলেক্ট্ৰনিক ট্ৰেন্সফাৰ ফাণ্ড, ৰিয়েল টাইম গ্ৰছ ছেটেলমেন্ট, ইমেডিয়েট পে’মেন্ট চাৰ্ভিছ আৰু ইলেক্ট্ৰনিক ক্লিয়েৰিং ব্যৱস্থা আদিয়ে অতি দ্ৰুতগতিৰে মূলসুঁতিৰ বেংকিং খণ্ডৰ কামসমূহক সামৰি লৈছে। ফিনটেক- অৰ্থাৎ, বিত্তীয় আৰু প্ৰযুক্তিৰ সন্মিলিত ৰূপে বেংকিঙৰ প্ৰকৃত পৃথিৱীখন নিজৰ অধীন কৰি লৈছে।  

এতিয়া মূল নীতি হৈ পৰিছে – “বেংকিং অতি দৰকাৰী, কিন্তু বেংক দৰকাৰী নহয়।” নিত্য নতুন প্ৰযুক্তিগত আহিলাৰ ব্যৱহাৰৰ যোগেদি এতিয়া নগদ ধন ধাৰণা লোপ পোৱা পৰিস্থিতি এটাৰ কথাও মানুহে ভাৱিব পৰা হৈছে।নতুন প্ৰযুক্তিৰ বিকাশৰ ফলত বেংক আৰু গ্ৰাহকৰ মাজৰ সম্বন্ধ সলনি হৈছে।পূৰ্বৰ পৰম্পৰাগত ব্যৱসায়ৰ আৰ্হি সলনি হৈছে।নতুন প্ৰজন্মৰ গ্ৰাহকসকলে অনলাইন লেন-দেন কৰিবলৈ বেছি আগ্ৰহী হৈ পৰিছে।ৰিজাৰ্ভ বেংকেও এই পৰিৱৰ্তন লক্ষ্য কৰি বেংকসমূহক নতুন প্ৰযুক্তিৰ সহায় লবলৈ উপদেশ দিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২১ বৰ্ষৰ ভিতৰত ৯০ শতাংশ ভাৰতীয়কে অৰ্থনৈতিক অংশীদাৰ কৰাৰ লক্ষ্য বান্ধি লৈছে।সমাজৰ পিছপৰা শ্ৰেণীৰ মাজতো ডিজিটেল প্ৰযুক্তিৰ প্ৰসাৰ ঘটাই উন্নয়নৰ অংশীদাৰ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংক অগ্ৰসৰ হৈছে।ইয়াৰ ফলত ভাৰতৰ জনগণৰ জীৱনধাৰণৰ মান উন্নত হ’ব বুলি আশা কৰা হৈছে।     

*****

*ভি শ্ৰীনিৱাস ১৯৮৯ বৰ্ষৰ এজন আই এ এছ বিষয়া আৰু বৰ্তমান ৰাজস্থান টেক্স বোৰ্ডত কৰ্মৰত। ইয়াৰ আগতে তেওঁ ৱাশ্বিংটন ডি চিত আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা নিধিৰ কাৰ্যবাহী সঞ্চালক (ভাৰত)ৰ উপদেষ্টা হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ ৰাজস্থানৰ আঁচনি আৰু বিত্তীয় সচিৱ হিচাৱেও সেৱা আগবঢ়াইছিল।

ইয়াত প্ৰকাশিত বক্তব্য লেখকৰ ব্যক্তিগত।

PRK